লণ্ডনত ইৰাণৰ ইছলামিক পতাকা আঁতৰাই পুৰণি সিংহ-সূৰ্যৰ পতাকা উত্তোলন; দুয়োখন পতাকাৰ মাজত পাৰ্থক্য কি?

বৰ্তমান ইৰাণৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। যোৱা কিছুদিন ধৰি তীব্ৰ প্ৰতিবাদ। হাজাৰ হাজাৰ লোকে ৰাজপথলৈ ওলাই আহি ইৰাণী শাসনৰ বিৰুদ্ধে শ্লোগান দি ৰাজপথ উত্তাল কৰিছে। ইফালে Xৰ দৰে ছ’চিয়েল মিডিয়া হেণ্ডেলত ইৰাণৰ পতাকা সলনি কৰা হৈছে। ইৰাণৰ অফিচিয়েল ইমোজিৰ ঠাইত ঐতিহাসিক সিংহ-সূৰ্য ইমোজি স্থাপন কৰা হৈছে।

লণ্ডনত দূতাবাসত থকা ইৰাণৰ পতাকাখনো আঁতৰাই তাৰ ঠাইত ইছলামিক বিপ্লৱৰ পূৰ্বৰ ইৰাণৰ পতাকা স্থাপন কৰা হয়। কেনচিংটনৰ দূতাবাস ভৱনৰ ওপৰত উঠি প্ৰতিবাদকাৰীসকলে বৰ্তমানৰ শাসন ব্যৱস্থাৰ পতাকাখন আঁতৰাই তাৰ ঠাইত ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পূৰ্বে ইৰাণৰ ৰাজতন্ত্ৰৰ সৈতে জড়িত ঐতিহাসিক প্ৰতীকটো স্থাপন কৰে।

সিংহ-সূৰ্যৰ পতাকা কি?

বৰ্তমান ইৰাণৰ পতাকাৰ ঠাইত ব্যৱহাৰ কৰা সিংহ-সূৰ্যৰ পতাকাৰ নিজস্ব ইতিহাস আছে। সিংহ আৰু সূৰ্যৰ পতাকা দীৰ্ঘদিন ধৰি ইৰাণৰ ৰাজতন্ত্ৰৰ সৈতে জড়িত হৈ আছে। ১৯৭৯ চনৰ বিপ্লৱৰ আগলৈকে ইয়াৰ আনুষ্ঠানিকভাৱে দেশত ব্যৱহাৰ কৰা হৈছিল। শ্বাহৰ পতনৰ পিছত নতুন ধৰ্মীয় নেতৃত্বাধীন চৰকাৰখনে তাৰ ঠাইত বৰ্তমানৰ ইছলামিক গণৰাজ্যৰ পতাকাখন গ্ৰহণ কৰে।

খবৰ অনুসৰি ইৰাণৰ সিংহ আৰু সূৰ্যৰ পতাকাৰ ইতিহাস ৩ হাজাৰ বছৰতকৈও অধিক পুৰণি বুলি অনুমান কৰা হৈছে। এই প্ৰতীকত সিংহই ইৰাণৰ শক্তি, সাহস আৰু পৰিচয়ক প্ৰতিনিধিত্ব কৰে, আনহাতে সূৰ্য প্ৰাচীন ইৰাণী বিশ্বাসৰ সৈতে জড়িত।

সমগ্ৰ ইৰাণৰ বিভিন্ন বংশত এই পতাকা ব্যৱহাৰ কৰা হৈছে। আচকানিয়ান আৰু ছাছানিয়ান বংশৰ পৰা ছাফাৱী, আফছাৰী আৰু কাজাৰ যুগলৈকে ইৰাণৰ পতাকাত ইয়াক প্ৰদৰ্শিত কৰা হৈছিল। সময়ৰ লগে লগে যুদ্ধৰ সময়ত সিংহৰ হাতত তৰোৱাল সংযোজন কৰা হৈছিল, যিটো শক্তি আৰু শৌৰ্য্যৰ প্ৰতীক আছিল।

১৯০৬চনৰ সাংবিধানিক বিপ্লৱৰ পিছত ইয়াক আনুষ্ঠানিকভাৱে ইৰাণৰ জাতীয় পতাকাত অন্তৰ্ভুক্ত কৰা হয়। কিন্তু ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পিছত এই পতাকা বিলুপ্ত কৰি বৰ্তমানৰ ইছলামিক গণৰাজ্যৰ পতাকা গ্ৰহণ কৰা হয়।

ইৰাণৰ বৰ্তমানৰ ইছলামিক পতাকাখন ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পিছত অস্তিত্বলৈ আহিছিল। এই বিপ্লৱে শ্বাহ মহম্মদ ৰেজা পাহলৱীৰ শাসনৰ অন্ত পেলাই আয়াতুল্লাহ খামেনেইৰ নেতৃত্বত ইৰাণ ইছলামিক ৰিপাব্লিক প্ৰতিষ্ঠা কৰে। পুৰণি সিংহ-সূৰ্যৰ পতাকাও বিলুপ্ত কৰা হ’ল।

১৯৮০চনত আনুষ্ঠানিকভাৱে নতুন পতাকাখন গ্ৰহণ কৰা হয়। পতাকাখনৰ তিনিটা ৰং আছিল— ওপৰত সেউজীয়া, মাজত বগা আৰু তলত ৰঙা। এই ৰঙবোৰ ইতিমধ্যে ইৰাণৰ পতাকাত আছিল যদিও ইয়াৰ অৰ্থ ইছলামিক মতাদৰ্শৰ সৈতে জড়িত আছিল। সেউজীয়া ইছলাম আৰু শ্বহীদ হোৱাৰ প্ৰতীক, বগা ৰঙৰ প্ৰতীক আছিল শান্তি আৰু সততাৰ আৰু ৰঙা ৰঙে ত্যাগ আৰু বিপ্লৱৰ তেজৰ প্ৰতীক।

সেউজীয়া আৰু ৰঙা ৰেখাৰ সীমাৰ সিপাৰে “আল্লাহ আকবৰ” (আল্লাহ সৰ্বশ্ৰেষ্ঠ) শব্দ দুটা কুফী লিপিত ২২ বাৰ লিখা হৈছে। এইদৰে বৰ্তমানৰ ইছলামিক পতাকাখন কেৱল জাতীয় প্ৰতীক নহয়, ই ইৰাণৰ ইছলামিক বিপ্লৱ, ধৰ্মীয় শাসন, মতাদৰ্শগত পৰিচয়কো প্ৰত্যক্ষভাৱে প্ৰতিনিধিত্ব কৰে। এই কাৰণেই আজিৰ প্ৰতিবাদত মানুহে পুৰণি সিংহ-সূৰ্যৰ পতাকাখন পুনৰ গ্ৰহণ কৰিছে। সম্প্ৰতি জনসাধাৰণে পুৰণি পতাকাখন গ্ৰহণ কৰাৰ সমান্তৰালকৈ ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবী উত্থাপন কৰিছে বুলি ধাৰণা কৰা হৈছে।

শেহতীয়াকৈ ইৰাণত আৰম্ভ হোৱা প্ৰতিবাদ এতিয়া তীব্ৰতৰ হৈ পৰিছে। লাখ লাখ লোকে ৰাজপথলৈ ওলাই আহি শ্লোগান দি জুই জ্বলাইছে। দেশখনত ইণ্টাৰনেট বন্ধ হৈ যোৱাৰ ফলত ইৰাণৰ নাগৰিকসকলে আন্তঃৰাষ্ট্ৰীয় অনলাইন সেৱাৰ পৰাও বিচ্ছিন্ন হৈ পৰিছে। ইফালে, দেওবাৰে এ পি সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি চলি থকা প্ৰতিবাদৰ সময়ত কমেও ১১৬গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২৬০০ৰো অধিক লোকক আটক কৰি ৰখা হৈছে।

সিংহ-সূৰ্যৰ পতাকাৰ তাৎপৰ্য এতিয়া কি?

শ্বাহৰ পদত্যাগৰ পিছত নতুন ধৰ্মীয় নেতৃত্বাধীন চৰকাৰখনে তাৰ ঠাইত বৰ্তমানৰ ইছলামিক গণৰাজ্যৰ পতাকাখন গ্ৰহণ কৰে। পতাকাৰ ৰেখাবোৰত কুফী লিপিত “আল্লাহু আকবৰ” লিখা আছে। তাৰ পিছৰ পৰাই সিংহ-সূৰ্যৰ পতাকা মূলতঃ ৰাজতন্ত্ৰ সমৰ্থক গোট আৰু বৰ্তমানৰ শাসন ব্যৱস্থাৰ বিৰোধী ইৰাণী প্ৰব্ৰজনকাৰীৰ কিছু অংশই গ্ৰহণ কৰে। শেহতীয়া প্ৰতিবাদত পুনৰ উত্থাপিত হৈছে এই প্ৰতীক, য’ত ইয়াৰ লগত ৰাজতন্ত্ৰ ঘূৰাই অনাৰ দাবীত শ্লোগান দিয়া হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...