ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল হাই এলাৰ্টত আছে। ইজৰাইলৰ বিষয়াসকলে যিকোনো সময়তে আমেৰিকাই হস্তক্ষেপ কৰিব পৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বিষয়টোৰ সৈতে পৰিচিত ইজৰাইলৰ তিনিটা সূত্ৰই জনোৱা মতে, নিৰাপত্তা সংস্থাসমূহে পৰিস্থিতিৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আছে আৰু হাই এলাৰ্টত আছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিগত কিছুদিনত ইৰাণ সন্দৰ্ভত কঠোৰ বিবৃতি প্ৰকাশ কৰিছে। তেওঁ ইৰাণ চৰকাৰক প্ৰতিবাদকাৰীৰ বিৰুদ্ধে বল প্ৰয়োগ নকৰিবলৈ সকীয়াই দিছে। শনিবাৰে ট্ৰাম্পে স্পষ্টভাৱে উল্লেখ কৰে যে, আমেৰিকাই সহায় কৰিবলৈ সাজু। এই বক্তব্যসমূহৰ পিছত পৰিস্থিতি এটা ডাঙৰ সংঘাতলৈ পৰিণত হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।

সূত্ৰ অনুসৰি ইৰাণত আমেৰিকাৰ হস্তক্ষেপৰ সম্ভাৱনাক ইজৰাইলৰ উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠকত আলোচনা কৰা হৈছিল। জুন মাহত ইজৰাইল আৰু ইৰাণৰ মাজত ১২ দিনীয়া যুদ্ধ হৈছিল। সেই সংঘাতত আমেৰিকাইও ইজৰাইলক সমৰ্থন কৰিছিল আৰু ইৰাণৰ ওপৰত বিমান আক্ৰমণ চলাইছিল।

নেতানিয়াহু-আমেৰিকাৰ বিদেশ মন্ত্ৰীৰ আলোচনা

শনিবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই ফোনযোগে বাৰ্তালাপ কৰে। ইজৰাইলৰ এজন বিষয়াৰ মতে ইৰাণৰ পৰিস্থিতি আৰু আমেৰিকাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা হয়। আমেৰিকাৰ এজন বিষয়াই কেৱল এই কথা-বতৰা নিশ্চিত কৰিলেও আলোচনা কৰা বিষয়সমূহ প্ৰকাশ নকৰিলে।

ইজৰাইলে ইৰাণত প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰিব বুলি এতিয়াও ইংগিত দিয়া নাই। অৱশ্যে ইৰাণৰ পাৰমাণৱিক আৰু বেলিষ্টিক মিছাইল কাৰ্যসূচীক লৈ ইতিমধ্যে দুয়োখন দেশৰ মাজত উত্তেজনা অধিক। শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত নেতানিয়াহুৱে কয় যে, যদি ইৰাণে ইজৰাইলক আক্ৰমণ কৰে তেন্তে ইয়াৰ গুৰুতৰ পৰিণতি হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...