বেংগালুৰুত মৃত্যু হোৱা মায়া গগৈ কোন প্ৰাক্তন মন্ত্ৰীৰ নাতিনী? উদ্ধাৰ হ’ল মায়াৰ পৰিচয়

উদ্ধাৰ হ’ল বেংগালুৰুত মৃত্যু হোৱা মায়া গগৈৰ পৰিচয়। প্ৰাক্তন মন্ত্ৰী ইন্দ্ৰ গগৈৰ নাতিনী আছিল মায়া গগৈ। মায়া গগৈ আৰু তেওঁৰ জ্যেষ্ঠ ভগ্নী বহু বছৰ ধৰি আছিল বেংগালুৰুত। মাতৃৰ মৃত্যুৰ পাছত মোমায়েকৰ তত্বাৱধানত আছিল দুই ভগ্নী। সন্দিকৈ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈছিল মায়া গগৈ। শেহতীয়াকৈ এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত চাকৰিত যোগদান কৰিছিল মায়াই। কিন্তু প্ৰথম মাহৰ দৰমহা নাপাওঁতেই হত্যাৰ বলি হ’ল মায়া গগৈ। বেংগালুৰুতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন মায়াৰ। হত্যাৰ বলি হোৱা মায়া গগৈ আছিল ব্লগাৰো। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাত অভিযুক্ত মায়াৰ প্ৰেমিকক। যোৱা ২৬ নৱেম্বৰত বেংগালুৰুৰ এটা ফ্লেটত ১৯ বছৰীয়া মায়াক নৃশংসভাৱে হত্যা কৰিছিল প্ৰেমিক আৰভে। মায়াৰ প্ৰেমিক আৰভ হানয় কেৰালাৰ কন্নৰৰ বাসিন্দা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...