বেংগালুৰুত মৃত্যু হোৱা মায়া গগৈ কোন প্ৰাক্তন মন্ত্ৰীৰ নাতিনী? উদ্ধাৰ হ’ল মায়াৰ পৰিচয়

উদ্ধাৰ হ’ল বেংগালুৰুত মৃত্যু হোৱা মায়া গগৈৰ পৰিচয়। প্ৰাক্তন মন্ত্ৰী ইন্দ্ৰ গগৈৰ নাতিনী আছিল মায়া গগৈ। মায়া গগৈ আৰু তেওঁৰ জ্যেষ্ঠ ভগ্নী বহু বছৰ ধৰি আছিল বেংগালুৰুত। মাতৃৰ মৃত্যুৰ পাছত মোমায়েকৰ তত্বাৱধানত আছিল দুই ভগ্নী। সন্দিকৈ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈছিল মায়া গগৈ। শেহতীয়াকৈ এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত চাকৰিত যোগদান কৰিছিল মায়াই। কিন্তু প্ৰথম মাহৰ দৰমহা নাপাওঁতেই হত্যাৰ বলি হ’ল মায়া গগৈ। বেংগালুৰুতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন মায়াৰ। হত্যাৰ বলি হোৱা মায়া গগৈ আছিল ব্লগাৰো। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাত অভিযুক্ত মায়াৰ প্ৰেমিকক। যোৱা ২৬ নৱেম্বৰত বেংগালুৰুৰ এটা ফ্লেটত ১৯ বছৰীয়া মায়াক নৃশংসভাৱে হত্যা কৰিছিল প্ৰেমিক আৰভে। মায়াৰ প্ৰেমিক আৰভ হানয় কেৰালাৰ কন্নৰৰ বাসিন্দা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...