চাকৰিত যোগদান কৰিছিলহে, প্ৰথম দৰমহা নাপাওঁতেই প্ৰমিকে হত্যা কৰিলে মায়াক!

চাকৰিত যোগদান কৰিছিলহে, প্ৰথম দৰমহা নাপাওঁতেই প্ৰমিকে হত্যা কৰিলে মায়াক! উদ্ধাৰ হ’ল বেংগালুৰুত হত্যাৰ বলি হোৱা মায়া গগৈৰ পৰিচয়। NKTV PLUSৰ হাতত বেংগালুৰুত হত্যাৰ বলি হোৱা মায়া গগৈৰ পৰিচয়। প্ৰাক্তন মন্ত্ৰী ইন্দ্ৰ গগৈৰ নাতিনী আছিল মায়া গগৈ। মায়া গগৈ আৰু তেওঁৰ জ্যেষ্ঠ ভগ্নী বহু বছৰ ধৰি আছিল বেংগালুৰুত। মাতৃৰ মৃত্যুৰ পাছত মোমায়েকৰ তত্বাৱধানত আছিল দুই ভনী। সন্দিকৈ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈছিল মায়া গগৈ। শেহতীয়াকৈ এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত চাকৰিত যোগদান কৰিছিল মায়াই। কিন্তু প্ৰথম মাহৰ দৰমহা নাপাওঁতেই হত্যাৰ বলি হ’ল মায়া গগৈ। বেংগালুৰুতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন মায়াৰ। হত্যাৰ বলি হোৱা মায়া গগৈ আছিল ব্লগাৰো। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাত অভিযুক্ত মায়াৰ প্ৰেমিকক। যোৱা ২৬ নৱেম্বৰত বেংগালুৰুৰ এটা ফ্লেটত ১৯ বছৰীয়া মায়াক নৃশংসভাৱে হত্যা কৰিছিল প্ৰেমিক আৰভে। মায়াৰ প্ৰেমিক আৰভ হানয় কেৰালাৰ কন্নৰৰ বাসিন্দা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

UGCৰ ১২(বি) স্বীকৃতি লাভেৰে নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে USTM-এ

উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰি ইউনিভাৰ্ছিটি...

২৫০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ কাষত এতিয়াৰে পৰা কোনেও মাটি কিনিব নোৱাৰিব

আজি বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰ...

১৩ লাখ টকাৰ বান সাহায্য প্ৰদান কেৰিমিনাতিৰ

অসমৰ বান পৰিস্থিতিৰ বাবে ইউটিউবাৰ কেৰিমিনাতিৰ CHARITY STREAMCHARITY STREAMত...

দৈনিক কিমান কাপ কফি খোৱাটো শৰীৰৰ বাবে ভাল? কফি কেনেকৈ খোৱাটো বেছি উপকাৰী?

দৈনিক কফি খোৱাৰ অভ্যাস আছে নেকি? হৃদৰোগ বিশেষজ্ঞ আৰু...