ভীম কলৰ শিপাৰ ৰস ডায়েবেটিছ ৰোগীৰ বাবে মহৌষধ, ভীম কলৰ ১৩টা আচৰিত পুষ্টিগুণ

আজিৰ বিষয় ভীম কল। ভীম কল অতি পুষ্টিকৰ আৰু ঔষধি গুণেৰে ভৰা ফল। ভীম কলৰ কলাখাৰ, কলপচলা , কলফুল , কল, কলৰ বাকলি , পাত , কাণ্ডৰ পৰা ওলোৱা পানী, শিপা আদি সকলো অংশই ঔষধি গুণেৰে ভৰপুৰ। অধিক পুষ্টি গুণেৰে ভৰা ভীম কলক শিশু খাদ্য হিচাবেও ব্যৱহাৰ কৰা হয়। ভীম কলত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট , আইৰণ , কেলছিয়াম , ফাইবাৰ , পটাছিয়াম , ভিটামিন আদি উপাদান থাকে। পকা ভীম কল চৰ্বত কৰি খালে পেট ঠাণ্ডা কৰাৰ লগতে দেহৰ পুষ্টি সাধন কৰে। পিত্ত ৰোগীৰ বাবে কেঁচা ভীম কলৰ ৰস অতি উপকাৰী। গ্ৰহণী ৰোগত পকা ভীম কল গুটিৰে সৈতে খালে উপকৃত হয়। পকা ভীম কলৰ গুটি চেকি গাখীৰ , গুড়েৰে শিশুক খোৱালে স্বাস্থ্যৰ উন্নতি হোৱাৰ লগতে শৰীৰত শক্তি পায়। গৰমত প্ৰস্ৰাৱৰ সমস্যা হলে পকা ভীম কল তিয়াই খচি সেই পানী খালে উপকৃত হয়। ভীম কলৰ শিপাৰ ৰস ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী। শিশুৰ পয়া লগা সমস্যাত গৰু গাখীৰৰ লগত একেৰাহে কেইদিন মান পকা ভীম খোৱালে সুফল পোৱা যায়। শিশুক ভীম কলৰ গুটি আঁতৰাই অথবা খাদ্যত মিহলাই খুৱালে শিশুৱে অধিক পুষ্টি লাভ কৰে। শিশুৰ পৰা বৃদ্ধ লৈকে সকলোৰে বাবে ভীম কল এক সুষম আহাৰ ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...