শোচনীয় হৈ আহিছে ছিকিমৰ বান পৰিস্থিতি

শোচনীয় হৈ আহিছে ছিকিমৰ বান পৰিস্থিতি
ভয়াৱহ বান-খহনীয়াত যোগাযোগ বিচ্ছিন্ন হৈ ৰৈছে উত্তৰ ছিকিম
ভূস্খলনৰ ফলত এতিয়ালৈকে ৯ জন লোকৰ প্ৰাণহানি
ছিকিমত আৱদ্ধ হৈ ৰৈছে ২ সহস্ৰাধিক পৰ্যটক

বান-খহনীয়াই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে উত্তৰ ছিকিমত। বৰষুণ অব্যাহত ৰোৱাৰ ফলত নতুনকৈ সংঘটিত হৈছে কেইবাটাও ভূমিস্খলনৰ ঘটনা। বুধবাৰে ৩ জন লোকে প্ৰাণ হেৰুওৱাৰ পিছত নিশা আন ৬জন লোকৰ মৃত্যুৰ বাতৰি আহিছে। এই প্ৰলয়ত বিপৰ্যস্ত ৰাজ্যখনৰ মংগন জিলাত বুধবাৰৰ নিশাৰ পৰা বৃহস্পতিবাৰে পুৱালৈ প্ৰায় ২২০ মিলিমিটাৰ বৰষুণ হৈছে। অবিৰাম বৰষুণৰ ফলত বোকাই নতুনকৈ পুতি পেলাইছে ৰাজ্যখনৰ বিস্তীৰ্ণ অঞ্চল।

ৰাজ্যখনত ভূমিস্খলনত নিহত ৯জনৰ ভিতৰত ৩ জনৰ মৃত্যু দক্ষিণ ছিকিমত
ভূমিস্খলনত আক্ৰান্ত হৈছে দক্ষিণ ছিকিমৰ বিস্তীৰ্ণ এলেকাও
গেংটকৰ পৰা মংগনলৈ থকা পথ কেইবাটাও স্থানত হৈ পৰিছে বিচ্ছিন্ন

ছিকিম চৰকাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও বতৰৰ দুৰ্যোগৰ বাবে এই অভিযানত অসুবিধাৰ সৃষ্টি হৈছে। ইফালে অনাগত কেইদিনত বতৰ বিজ্ঞান বিভাগে অধিক পৰিমাণৰ বৰষুণ হ’ব বুলি সকীয়নি দিছে। ফলত বান-খহনীয়াই সৃষ্টি কৰা পৰিস্থিতি অধিক শোচনীয় হৈ পৰাৰ আশংকাই দেখা দিছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...