উত্তৰ লখিমপুৰ জিলা কাৰাগাৰৰ পৰা মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ

উত্তৰ লখিমপুৰ জিলা কাৰাগাৰৰ পৰা মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ। পত্ৰখন লিখিছে এজন কয়দীয়ে। সেই পত্ৰখনত কাৰাগাৰৰ কাৰাধ্যক্ষ আৰু প্ৰধান প্ৰহৰীৰ বিৰুদ্ধে এটাৰ পাছত আনটো গুৰুতৰ অভিযোগ। জিলা কাৰাগাৰৰ ভিতৰত হয় ধনৰ লেনদেন। চলে নিচাজাতীয় দ্ৰব্যৰ বেহা। এই পত্ৰখনক লৈ এতিয়া চাঞ্চল্য লখিমপুৰত। অৱশ্যে ৰহস্যৰো গোন্ধ পাইছে একাংশই।

এই পত্ৰৰ জৰিয়তে মূলতঃ অভিযোগ উত্থাপন কৰা হৈছে উত্তৰ লখিমপুৰ জিলা কাৰগাৰাৰ প্ৰধান প্ৰহৰী কেৱল সোণোৱালৰ বিৰুদ্ধে। আচামীৰ সৈতে প্ৰধান প্ৰহৰীয়ে লেনদেন কৰাৰ অভিযোগ। পত্ৰ অনুসৰি কেৱল সোণোৱালে আচামীৰ সৈতে টকাৰ লেনদেন কৰাৰ উপৰি সোণৰ চেইনৰ লোভত আচামীক পলায়নৰ সহায় কৰি দিছিল। সেইজন কেৱল সোণোৱালে কাৰাগাৰৰ প্ৰধান প্ৰহৰী হিচাপে নিয়োজিত হৈ আছে। সেই আৰম্ভণিৰে অভিযোগৰ পাছত অভিযোগ পত্ৰখনত।

বিশেষ কয়দীক বেলেগকৈ দিয়া হয় খাদ্য। কেৱল সোণোৱাল আৰু সহ কাৰাধ্যক্ষ দীপাংকৰ বৰাই মিলি টকাৰ লোভত এন ডি পি এছ আৰু ট্ৰেক গোল্ড কেছত জেললৈ অহা কয়দীক আন কয়দীৰ হতুৱাই খাদ্যৰ যোগান ধৰাৰ অভিযোগ। আচামীক যোগান ধৰা হয় মোবাইল। দীপাংকৰ বৰুৱাই জুৱা খেলিবলৈ দি হাজোতিৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ। জুৱা খেলিবৰ বাবে লাখ লাখ টকা জেলৰ ভিতৰলৈ সোমোৱাই দিয়া হয়। তাৰেই কমিছন পায় সহ কাৰাধ্যক্ষ দীপাংকৰ বৰাই। কয়দীৰ ATM কাৰ্ড ব্যৱহাৰ কৰে সহ কাৰাধ্যক্ষ দীপাংকৰ বৰাই। দৰিদ্ৰ হাজোতি বঞ্চিত হয় সুবিধাৰ পৰা। কয়দীৰ মুকলিৰ সময়তো দাবী কৰে ধন। প্ৰধান প্ৰহৰীয়ে ব্যক্তিগত কামত লগায় কয়দীক। কয়দী নিজৰ ইচ্ছামতে বাহিৰলৈ যায়, ভিতৰলৈ আহে। এনে অনিয়মৰ বাবেই লখিমপুৰ জিলা কাৰাগাৰত বিভিন্ন সময়ত বিভিন্ন ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে পত্ৰখনত। পত্ৰখনত শেষলৈ কোৱা হৈছে যে মাহ মাহ ধৰি এই জেলত হাজোতি হিচাপে থাকি দেখা কথাবোৰেই লিখা হৈছে পত্ৰখনত। শেষত আহ্বান মুখ্যমন্ত্ৰীলৈ, সহ কাৰাধ্যক্ষ দীপাংকৰ বৰা আৰু প্ৰধান প্ৰহৰী কেৱল সোণোৱালৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগে।

এই পত্ৰই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে লখিমপুৰত। কাৰাগাৰৰ পৰা মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া, ৰহস্যৰ। কিন্তু এই ঘটনাত আছে আন এটা দিশ। কয়দীয়ে নিখুত ইংৰাজী-অসমীয়াত লিখা এই পত্ৰখন বাহিৰলৈ আহিল কেনেকৈ। ৩০ এপ্ৰিলতে লিখা পত্ৰখন এতিয়াহে পোহৰলৈ আহিছে কিয়। তাক লৈও ঘনীভূত হৈছে ৰহস্য। কোনোবাই কিবা বিশেষ উদ্দেশ্য লৈয়ে এই অভিযোগ, এই পত্ৰ ৰাজহুৱা কৰা নাইতো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰায় এবছৰ ধৰি ঘৰত বন্দী বোৱাৰী; স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ

অসমত পুনৰ পোহৰলৈ আহিছে বোৱাৰী নিৰ্যাতনৰ এক গুৰুতৰ অভিযোগ।...

ভাৰতৰ ছেমিকণ্ডাক্টৰ উদ্যোগলৈ ভাবুকি; চাইবাৰ আক্ৰমণৰ পৰা সতৰ্ক হোৱাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছেমিকণ্ডাক্টৰ উদ্যোগক চাইবাৰ...

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...