শোচনীয় হৈ আহিছে ছিকিমৰ বান পৰিস্থিতি

শোচনীয় হৈ আহিছে ছিকিমৰ বান পৰিস্থিতি
ভয়াৱহ বান-খহনীয়াত যোগাযোগ বিচ্ছিন্ন হৈ ৰৈছে উত্তৰ ছিকিম
ভূস্খলনৰ ফলত এতিয়ালৈকে ৯ জন লোকৰ প্ৰাণহানি
ছিকিমত আৱদ্ধ হৈ ৰৈছে ২ সহস্ৰাধিক পৰ্যটক

বান-খহনীয়াই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে উত্তৰ ছিকিমত। বৰষুণ অব্যাহত ৰোৱাৰ ফলত নতুনকৈ সংঘটিত হৈছে কেইবাটাও ভূমিস্খলনৰ ঘটনা। বুধবাৰে ৩ জন লোকে প্ৰাণ হেৰুওৱাৰ পিছত নিশা আন ৬জন লোকৰ মৃত্যুৰ বাতৰি আহিছে। এই প্ৰলয়ত বিপৰ্যস্ত ৰাজ্যখনৰ মংগন জিলাত বুধবাৰৰ নিশাৰ পৰা বৃহস্পতিবাৰে পুৱালৈ প্ৰায় ২২০ মিলিমিটাৰ বৰষুণ হৈছে। অবিৰাম বৰষুণৰ ফলত বোকাই নতুনকৈ পুতি পেলাইছে ৰাজ্যখনৰ বিস্তীৰ্ণ অঞ্চল।

ৰাজ্যখনত ভূমিস্খলনত নিহত ৯জনৰ ভিতৰত ৩ জনৰ মৃত্যু দক্ষিণ ছিকিমত
ভূমিস্খলনত আক্ৰান্ত হৈছে দক্ষিণ ছিকিমৰ বিস্তীৰ্ণ এলেকাও
গেংটকৰ পৰা মংগনলৈ থকা পথ কেইবাটাও স্থানত হৈ পৰিছে বিচ্ছিন্ন

ছিকিম চৰকাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও বতৰৰ দুৰ্যোগৰ বাবে এই অভিযানত অসুবিধাৰ সৃষ্টি হৈছে। ইফালে অনাগত কেইদিনত বতৰ বিজ্ঞান বিভাগে অধিক পৰিমাণৰ বৰষুণ হ’ব বুলি সকীয়নি দিছে। ফলত বান-খহনীয়াই সৃষ্টি কৰা পৰিস্থিতি অধিক শোচনীয় হৈ পৰাৰ আশংকাই দেখা দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...