পংখী সন্দিকৈৰ মৃত্যুৰ ঘটনাক লৈ আজিও শোকস্তব্ধ শিৱসাগৰ

মেধাৱী ছাত্ৰী পংখী সন্দিকৈৰ মৃত্যুৰ ঘটনাক লৈ আজিও শোকস্তব্ধ শিৱসাগৰ। পংখীয়ে অভিনয় কৰা এখন ছুটী ছবিৰ সংলাপত কৈছিল, প্ৰেম জীৱনত সকলোৱে কৰে। কিন্তু যি বিয়াৰ পাছতো প্ৰেম কৰিব পাৰে। সি আটাইতকৈ সুখী হয়। এই কথাই যেন পংখীৰ বাস্তৱ জীৱনতো প্ৰতিফলিত হল। বিয়াৰ ছমাহ হোৱাৰ দিনাই মৃত্যুক সাৱটিলে পংখীয়ে। এই ঘটনাক লৈ সৰৱ হৈছে দল-সংগঠন। অভিযোগ তদন্তকাৰী আৰক্ষীৰ বিৰুদ্ধেও।

পংখীয়ে ৰীল লাইফত কোৱা কথাবোৰ ৰিয়েল লাইফত ফলিয়ালে…
মানুহৰ জীৱনত টকা-পইছা লাগে সঁচা। কিন্তু এখন সংসাৰ কৰিবলৈ এজনৰ আনজনৰ প্ৰতি সন্মান থকাটো বহুত প্ৰয়োজন। প্ৰেম জীৱনত সকলোৱে কৰে। কিন্তু যি বিয়াৰ পাছতো প্ৰেম কৰিব পাৰে। সি আটাইতকৈ সুখী হয়। ছুটী ছবিত অভিনয় কৰা পংখীৰ সংলাপ আছিল এয়া। সেই কথাবোৰই যেন বাস্তৱ জীৱনত আখৰে আখৰে সত্যা প্ৰমাণিত হল। পংখীৰ মৃত্যুত শোকস্তব্ধ শিৱসগাৰ। ইয়াৰ মাজতে
শিৱসাগৰৰ পংখীৰ মৃত্যুৰ ঘটনাই এইবাৰ লৈছে নতুন মোৰ
নামী-দামী শিল্পীৰে ভাল নীতিতেশৰ পক্ষ লৈছে নেকি আৰক্ষীয়ে
নামৰূপ থানাৰ তদন্তকাৰী আৰক্ষী বিষয়াৰ বিৰুদ্ধে অভিযোগ

বিভিন্ন সময়ত বঁটা-বাহনেৰে সন্মানিত শিৱসাগৰৰ নিতাইপুখুৰীৰ পংখী সন্দিকৈয়ে বিশ্বাসৰ পৰিণতিত উপহাৰ পালে মৃত্যু। মেধাৱী পংখীৰ মৃত্যুৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য। অভিযোগ পোনপটীয়া, স্বামী নীতিকেশ দাসে অন্য যুৱতীৰ সৈতে থকা সম্পৰ্কৰ বাবেই হত্যা কৰিলে পংখী সন্দিকৈক। স্বামীৰ পৰকীয়া প্ৰেমৰ কথা গম পাইছিল পংখীয়ে। তাকে লৈ বিভিন্ন সময়ত দুয়োৰে মাজত হৈছিল কাজিয়া। সেই কথা মাতৃকো জনাইছিল পংখীয়ে।

পংখীৰ মৃত্যুৱে কঁপাই গৈছে বন্ধু মহলক। ছচিয়েল মিডিয়াত বন্ধু-বান্ধৱীয়ে আৰম্ভ কৰিছে এক আন্দোলন।
পংখীক ন্যায় দিয়াৰ আন্দোলন
একেসময়তে জীয়ৰীক হেৰুৱাই কান্দোনত ভাগি পৰা দুৰ্ভগীয়া পৰিয়ালটোৰ কাষ থিয় হৈছেগৈ শিৱসাগৰৰ বিভিন্ন দল-সংগঠন। সমগ্ৰ ঘটনাৰ বুজ লৈছে। কি পৰিস্থিতিত কেনেকৈ গম পাইছিল পৰিয়ালে। পংখীৰ আত্মীয়ৰ অভিযোগ –
ঘটনা ঘটি যোৱাৰ পাছতো নীতিকেশৰ পৰিয়ালে জনোৱা নাছিল
বন্ধু-বান্ধৱে গম পোৱাৰ পাছতহে বিয়পিছিল খবৰ

দল-সংগঠনৰো অভিযোগ। পৰকীয়া প্ৰেমত মত্ত হৈ নীতিকেশে হত্যা কৰিলে পংখীক। লগতে অভিযোগ নামৰূপ থানাৰ বৰুৱা উপাধিৰ এজন আৰক্ষী বিষয়াৰ বিৰুদ্ধেও। দোষীৰ পক্ষ লোৱাৰ অভিযোগ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে।

টাই আহোম ছাত্ৰ সন্থাই অভিযোগ দিব আৰক্ষী সঞ্চালকপ্ৰধানক
ন্যায় বিচাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰাও

আচলতে কি ঘটিছিল পংখী সন্দিকৈৰ লগত। মৃতদেহ দেখা পিতৃ-মাতৃয়ে বাৰেবাৰে কৈছে। তাইৰ মুখৰ পৰা তেজ ওলাই আছিল। শৰীৰত আছিল আঘাতৰ চিন। পংখীয়ে কেতিয়াও নিজকে শেষ কৰিব নোৱাৰে। বহু প্ৰশ্ন উত্থাপন হৈছে এতিয়া। এই প্ৰশ্নৰ উত্তৰ উলিয়াব লাগিব আৰক্ষীয়ে। উত্তৰবোৰৰ বাবেই অপেক্ষাৰে ৰৈ আছে এইহাল দুৰ্ভগীয়া পিতৃ-মাতৃ আৰু পংখীৰ বন্ধু-বান্ধৱ, শুভাকাংক্ষী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...