২০৩৬ৰ ভিতৰত দেশৰ জনসংখ্যা হ’ব ১৫২.২ কোটি!

২০৩৬ৰ ভিতৰত দেশৰ জনসংখ্যা হ’ব ১৫২.২ কোটি। এই সময়ছোৱাত দেশৰ মহিলা জনসংখ্যাও সামান্য বৃদ্ধি পাব। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা ‘ৱ’মেন এণ্ড মেন ইন ইণ্ডিয়া ২০২৩’ শীৰ্ষক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। ২০১১ চনত দেশৰ মহিলা জনসংখ্যা আছিল ৪৮.৫ শতাংশ। ইয়াৰ বিপৰীতে অহা ১২ বছৰত মহিলা জনসংখ্যাৰ হাৰ বৃদ্ধি পাব ৪৮.৮ শতাংশলৈ। প্ৰতিবেদন অনুসৰি ২০১১ চনত প্ৰতি এহেজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা আছিল ৯৪৩ গৰাকী। ২০২৬ৰ ভিতৰতে এই হাৰ বৃদ্ধি পাই প্ৰতি এহেজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা হ’ব ৯৫২ গৰাকী। ইয়াৰ উপৰিও ২০৩৬ৰ ভিতৰত দেশত ১৫ বছৰৰ তলৰ লোকৰ সংখ্যাৰ অনুপাত যথেষ্ট হ্ৰাস পাব যদিও এই সময়ছোৱাত ৬০ বছৰৰ অধিক বয়সৰ লোকৰ সংখ্যা দেশত বৃদ্ধি পাব। ২০১৬ চনত ২০ৰ পৰা ২৪ বছৰ বয়সীয়া মহিলাৰ প্ৰজননৰ হাৰ আছিল ১৩৫.৪ শতাংশ। ২০২০ চনত এই হাৰ হ্ৰাস পাই ১১৩.৬ শতাংশলৈ। ২০১৬ চনত ২৫ৰ পৰা ২৯ বছৰ বয়সীয়া মহিলাৰ প্ৰজননৰ হাৰ আছিল ১৬৬ শতাংশ। কিন্তু ২০২০ত এই হাৰ হ্ৰাস পাই ১৩৯.৬ শতাংশলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...