আৰক্ষীৰ বহুদিনীয়া অভিযানৰ পিছতো নোলাল সন্ধান

ঘূৰি আহিবনে ৰমেন বৰুৱা? নে কেতিয়াও ঘূৰি নহা বাটেৰে কৰ’বালৈ চিৰদিনৰ বাবে গুছি গ’ল ৰমেন বৰুৱা? গুৱাহাটীৰ লতাশিলত থকা ঐতিহ্যমণ্ডিত ১০০ বছৰীয়া ঘৰটোত এতিয়া মৰিশালীৰ নিস্তব্ধতা। ৰমেন বৰুৱা হেৰাই যোৱাৰ ২৩ নম্বৰ দিনটোত ঘৰটোত উপস্থিত হ’লগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বৰুৱা পৰিয়ালৰ সৈতে প্ৰায় আধাঘন্টাৰ বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ।

বিগত জুলাই মাহৰ ২২ তাৰিখ সোমবাৰে পুৱা প্ৰায় ১০ বজাতে ঘৰৰ পৰা ওলাই গৈছিল ৰমেন বৰুৱা। সেই যে ওলাই গ’ল, ৰমেন বৰুৱা আৰু ঘূৰি নাহিল। তাৰ পিছত বহুদিন ধৰি SDRF, NDRF আৰু নদী আৰক্ষীৰ সহযোগত ৰমেন বৰুৱাৰ সন্ধানত অভিযান চলালে গুৱাহাটী আৰক্ষীয়ে। কিন্তু ৰমেন বৰুৱাৰ সন্ধান নোলাল। আৰক্ষীয়ে ক’লে- কিবা কথাত মনত আঘাত পাই ওলাই গ’ল ৰমেন বৰুৱা। সম্ভৱতঃ পৰিয়ালৰ সৈতে কিবা সংঘাত হৈছিল। সংগীত শিল্পীগৰাকী নিখোঁজ হোৱা সন্দৰ্ভত পৰিয়ালৰ লোককো সোধা-পোচা কৰিছিল গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই।

মুখ্যমন্ত্ৰীৰ সাক্ষাতৰ পিছত দীপেন বৰুৱাই পুনৰ ক’লে- কিবা কথাত আঘাত পায়েই আঁতৰি গ’ল দাদা। ২৩ দিনে মানুহজনৰ সন্ধান নোলোৱাত বহুতৰে সন্দেহ কৰ’বাত আত্মগোপন কৰিলে নেকি ৰমেন দাই?

প্ৰায় আধাঘন্টা ধৰি বৰুৱা পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰি সাংবাদিকৰ সন্মুখত নষ্টালজিক হৈ পৰিল মুখ্যমন্ত্ৰী। ৰমেন বৰুৱা নিখোঁজ হৈ থকাৰ ২৩ দিনৰ দিনা বৰুৱা পৰিয়ালক মুখ্যমন্ত্ৰীৰ সাক্ষাতৰ পিছত প্ৰসংগক্ৰমেই ওলাল লতাশিলৰ ঐতিহ্যমণ্ডিত ১০০ বছৰ পুৰণি ঘৰটোৰ সংৰক্ষণৰ কথা। মুখ্যমন্ত্ৰীয়ে ক’লে- ঘৰটো সংৰক্ষণৰ সিদ্ধান্ত পৰিয়ালটোৰ নিজা। দীপেন বৰুৱাই ক’লে- ঘৰটো সংৰক্ষণ কৰিব পৰা হ’লে ভাল আছিল।

ঘৰৰ সংৰক্ষণ বাৰু পৰিয়ালে বিচাৰিলেই হ’ব। পৰিয়ালে বিচাৰিলে চৰকাৰেও সহযোগ কৰিব। কিন্তু ৰমেন বৰুৱাৰ সন্ধান ওলাবনে? ক’ত নাইকীয়া হৈ গ’ল বাৰু প্ৰবীণ সংগীতশিল্পীগৰাকী? সেই উত্তৰেই এতিয়া কাৰো হাততে নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...