ৰাজ্যত ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা ব্যৰ্থ

দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান ঘন্টা। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত তিনি বৰণীয়া জাতীয় পতাকাৰে ৰঙেৰে ৰঙীন হৈ পৰিছে সমগ্ৰ দেশৰ আকাশ বতাহ। দেশবাসীৰ শিৰাই শিৰাই বৈছে স্বাধীনতাৰ গান। তাৰ মাজতে অসম আৰক্ষীৰ তৎপৰতাত ৰাজ্যত ব্যৰ্থ হৈছে ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা। উগ্ৰপন্থীৰ বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষীৰ আন এক উল্লেখনীয় সাফল্য। কোকৰাঝাৰ আৰক্ষীৰ ধাৰাবাহিক চেষ্টাত বৃহৎ পৰিমাণৰ অস্ত্ৰসহ মূলসূঁতিলৈ উভতিছে ২০ জন যুৱক। কোকৰাঝাৰ-চিৰাং বনাঞ্চলত বাহৰ পাতি আছিল ২০ জনীয়া দলটো। বিগত ৩-৪ মাহ ধৰি এই ২০ জনীয়া দু্ৰ্ধৰ্ষ যুৱকৰ দলটোৱে চেষ্টা কৰি আছিল এটা নতুন উগ্ৰপন্থী সংগঠন জন্মৰ। বিশেষ সূত্ৰৰ পৰা এই খবৰ লাভ কৰি সোমবাৰে নিশা অভিযান চলাইছিল কোকৰাঝাৰ আৰক্ষীয়ে।

নিশাৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰসহ ২০ জনীয়া যুৱকৰ দলটোক হাবিৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় কোকৰাঝাৰ আৰক্ষী। দলটোৱে আৰক্ষীৰ হাতত জমা দিয়ে– ৬ টা অট’মেটিক ৰাইফল, একক শ্বটৰ ৰাইফল ৪ টা, মেগজিনসহ তিনিটা পিষ্টল, ৫টা এইচ ই গ্ৰেণেড, এ কে চিৰিজৰ ৰাইফলৰ ৫৪ জাঁই গুলী আৰু ৯ জাঁই পিষ্টলৰ গুলী। আৰক্ষীৰ সন্দেহ- নিজৰ স্থিতি জাহিৰ কৰিবলৈ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কূটাঘাতৰ পৰিকল্পনা কৰিছিল দলটোৱে। মূলসূঁতিলৈ উভতি অহাৰ পিছত কোকৰাঝাৰৰ গৌৰাং নদীৰ পাৰৰ অস্থায়ী শিবিৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হৈছে ২০ জনীয়া যুৱকৰ দলটোক।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কূটাঘাত ব্যৰ্থ কৰি সফলতা লাভ কৰাৰ পিছত এতিয়া নতুন উগ্ৰপন্থী সংগঠন জন্মৰ আঁৰৰ কাহিনী উদ্ঘাটনত ব্যস্ত কোকৰাঝাৰ আৰক্ষী। কাৰ সমৰ্থনত খোলা হৈছিল নতুন উগ্ৰপন্থী সংগঠন? কোনে আৰ্থিকভাৱে সহায় কৰিছিল ২০ জনীয়া যুৱকৰ দলটোক। এই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি আৰম্ভ হৈছে কোকৰাঝাৰ আৰক্ষীৰ তদন্ত। ইপিনে সোমবাৰে ঢেকিয়াজুলীৰ বাতাচীপুৰতো উদ্ধাৰ হৈছিল বৃহৎ অস্ত্ৰভাণ্ডাৰ। বাতাচীপুৰৰ বিলাসীপাৰৰ প্ৰাক্তন NDFB সদস্য লাইজৌ ওৰফে লালৰ বাসগৃহৰ তামোলবাৰীত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল এই বৃহৎ অস্ত্ৰভাণ্ডাৰ। উদ্ধাৰ হোৱা অস্ত্ৰভাণ্ডাৰৰ ভিতৰত আছিল ১০ টাকৈ গ্ৰেণেড, এটা 7.5mm ৰিভলভাৰ আৰু এটা পিষ্টল। কূটাঘাত বিৰোধী এই সফল অভিযানৰ পিছতো চলি আছে অসম আৰক্ষীৰ তালাচী অভিযান। উদ্দেশ্য এটাই- ৰাজ্যবাসীক এক সুৰক্ষিত স্বাধীনতা দিৱস উপহাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপাৰেচন সিন্দূৰক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অপাৰেচন সিন্দূৰৰ সময়ত...

অপাৰেচন কেলাৰ কি?

অপাৰেচন কেলাৰ হৈছে ভাৰতীয় সেনাৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ...

ভাৰতীয় সাংবাদিকৰ পৰা তথ্য আহৰণৰ চেষ্টা পাকিস্তানী চোৰাংচোৱাৰ

পাকিস্তানৰ গুপ্তচৰ সংস্থাই ভাৰতীয় সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ সৈতে...

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...