ছিঃ ছিঃ! জাহাংগীৰৰ চৰিত্ৰ এনেকুৱাহে…

অসম আৰক্ষীক নিকা কৰাৰ লক্ষ্য জি পি সিঙৰ। বাৰম্বাৰ সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো। কিন্তু তাৰ পাছতো একাংশ আৰক্ষীৰ স্বভাৱ-চৰিত্ৰ সলনি নহয়। অচিনাক্ত যুৱতীৰে কোৱাৰ্টাৰত সোমাই আছিল চুঙাজানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নুৰ জাহাংগীৰ আহমেদ। খবৰ পাই স্থানীয় লোকে বাহিৰৰ পৰা লগাই দিলে তলা। তাৰ পাছৰখিনি নাটকীয়।

OCৰ কোঠাত ঢকিয়াই SDPOই মাতিছে
জাহাংগীৰ ওলাই আহা…
SDPOই তলা খুলিছে
ভিতৰৰ পৰা মুখ ঢাকি ওলাই আহিছে এগৰাকী যুৱতী

ছিঃ ছিঃ! জাহাংগীৰৰ চৰিত্ৰ এনেকুৱাহে। গোলাঘাট জিলাৰ চুঙাজান থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নুৰ জাহাংগীৰ আহমেদ। নিশা থানা চৌহদত হুলস্থুল লাগিল। ওলাই আহিল স্থানীয় লোক, দল-সংগঠন।
নিজৰ কোৱাৰ্টাৰত আছিল OC নুৰ জাহাংগীৰ আহমেদ
লগত আছিল এগৰাকী অচিনাক্ত যুৱক
স্থানীয় লোকে পালে সেই খবৰ। তাৰ পাছতেই দল-সংগঠনেৰে মিলি কোৱাৰ্টাৰৰ দুৱাৰত বাহিৰৰ পৰা লগাই দিলে। তাৰ পাছত সকলোৰে অপেক্ষা মহকুমা আৰক্ষী বিষয়া অহালৈ। এটা সময়ত তেওঁ আহিল। আহোঁতেই অভিযোগ দল-সংগঠনৰ।
জাহাংগীৰে সমগ্ৰ পৰিৱেশ বিনষ্ট কৰিছে

স্থানীয় ৰাইজৰ অভিযোগ এয়া এদিনৰ ঘটনা নহয়। প্ৰায়ে অ চি জাহাংগীৰৰ কোৱাৰ্টাৰলৈ আহে বিভিন্ন যুৱতী। নিশা পাৰ্টী কৰে। পূৰ্বেও বহুবাৰ ঘটিছে এনে ঘটনা।

দল-সংগঠনৰ অভিযোগ, সৰুপথাৰত থকা অৱস্থাতো এনে কাম কৰি এনে কাম কৰি নিলম্বিত হৈছিল তেওঁ। এইজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নুৰ জাহাংগীৰ বিবাহিত। তাৰ পাছতো তেওঁৰ এনে কাণ্ড। নিন্দা কৰিছে সকলোৱে।
নুৰ জাহাংগীৰক সৰুপথাৰ থানাত সোধা-পোছা
এপিনে সঞ্চালকপ্ৰধানে কৈছে অসম আৰক্ষী নিকা হব লাগে। জনহিত, জনসেৱাৰ্থে ন্যায়ৰ পক্ষত যুঁজ দিব লাগিব। কোনো কাৰণত খাকী পোছাকত দাগ লাগিবলৈ দিয়া নহব। কিন্তু ৰাইজে গৈ দেখিলে কোৱাৰ্টাৰ ভিতৰত নুৰ জাহাংগীৰৰ গাত পোছাকেই নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...