ৰোলবল লীগ ‘চেম্পিয়নছ ট্ৰফী’ৰ চেম্পিয়ন ছুপাৰ স্কোৱাড: মিলন বৰদলৈ শ্ৰেষ্ঠ খেলুৱৈ

অসম ৰোল বল সন্থাই তিনিদিনীয়াকৈ আয়োজন কৰা ৰোমাঞ্চকৰ ৰোল বল লীগ চেম্পিয়ন ট্ৰফী সোমবাৰে সামৰণি পৰে। দিছপুৰৰ ৰুদ্ৰ সিংহ গ্ৰাউণ্ডত পাঁচটা দলৰ লীগত চেম্পিয়নছ ট্ৰফী লাভ কৰিলে ছুপাৰ স্কোৱাডে। প্ৰথম ৰাণাৰ আপ হয় ছাইলেণ্ট কিলাৰ আৰু দ্বিতীয় ৰাণাৰ আপ হয় চেলেঞ্জাৰ্ছ দলে। ফাইনেলৰ শ্ৰেষ্ঠ আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয় মিলন বৰদলৈ আৰু মৌৰ্য দাসে লাভ কৰে শ্ৰেষ্ঠ কীপাৰৰ সন্মান। উত্তেজনাপূৰ্ণ ফাইনেলত ৯-৮ গ’লত বিজয়ী হয় ছুপাৰ জায়েন্টছ দল । এটা সময়ত মেচখন ৬-৬ গ’লত হয় যদিও ছাইলেণ্ট কীলাৰে অন্তিম মূহুৰ্তত হাৰ মানে। তৃতীয় স্থানৰ মেচত চেলেঞ্জাৰ্ছ দলে ৭-৪ গ’লত পৰাস্ত কৰে উলফ গেং দলক।

উল্লেখ্য যে, ২৩ ডিচেম্বৰত চেম্পিয়নছ লীগৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ ক্ৰীড়া সচিব কৌছাৰ জামিল হিলালীয়ে ৰোলবলৰ দৰে উত্তেজনাৰে ভৰা খেলবিধক ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে পৃষ্ঠপোষকতা কৰাৰ আশ্বাস দিয়ে। গুৱাহাটীৰ উপৰি তিনিচুকীয়া, ডিব্ৰুগড়, মিৰ্জা, আজাৰা, বিজয় নগৰ অঞ্চলৰ অৰ্ধশতাধিক স্কেটাৰে অংশগ্ৰহণ কৰা চেম্পিয়নছ ট্ৰফীৰ মুঠ প্ৰাইজমানিৰ পৰিমাণ ৩০ হেজাৰ টকা। সামৰণি অনুষ্ঠানত উপস্থিত থাকি ট্ৰফী আৰু প্ৰাইজমানি বিতৰণ কৰে অৱসৰপ্ৰাপ্ত উপায়ুক্ত আবচাৰ আলী হাজৰিকা, গায়িকা পাহাৰী শ‌ইকীয়া দাস, অসম ৰোলবল সন্থাৰ সভাপতি মিফতাউদ্দিন আহমেদ, সমাজকৰ্মী দুলাল বৰগোহাঁই আদিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধেমাজিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ গাইড শিক্ষকৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (NCSC) ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে...

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...