ছিঃ ছিঃ! জাহাংগীৰৰ চৰিত্ৰ এনেকুৱাহে…

অসম আৰক্ষীক নিকা কৰাৰ লক্ষ্য জি পি সিঙৰ। বাৰম্বাৰ সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো। কিন্তু তাৰ পাছতো একাংশ আৰক্ষীৰ স্বভাৱ-চৰিত্ৰ সলনি নহয়। অচিনাক্ত যুৱতীৰে কোৱাৰ্টাৰত সোমাই আছিল চুঙাজানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নুৰ জাহাংগীৰ আহমেদ। খবৰ পাই স্থানীয় লোকে বাহিৰৰ পৰা লগাই দিলে তলা। তাৰ পাছৰখিনি নাটকীয়।

OCৰ কোঠাত ঢকিয়াই SDPOই মাতিছে
জাহাংগীৰ ওলাই আহা…
SDPOই তলা খুলিছে
ভিতৰৰ পৰা মুখ ঢাকি ওলাই আহিছে এগৰাকী যুৱতী

ছিঃ ছিঃ! জাহাংগীৰৰ চৰিত্ৰ এনেকুৱাহে। গোলাঘাট জিলাৰ চুঙাজান থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নুৰ জাহাংগীৰ আহমেদ। নিশা থানা চৌহদত হুলস্থুল লাগিল। ওলাই আহিল স্থানীয় লোক, দল-সংগঠন।
নিজৰ কোৱাৰ্টাৰত আছিল OC নুৰ জাহাংগীৰ আহমেদ
লগত আছিল এগৰাকী অচিনাক্ত যুৱক
স্থানীয় লোকে পালে সেই খবৰ। তাৰ পাছতেই দল-সংগঠনেৰে মিলি কোৱাৰ্টাৰৰ দুৱাৰত বাহিৰৰ পৰা লগাই দিলে। তাৰ পাছত সকলোৰে অপেক্ষা মহকুমা আৰক্ষী বিষয়া অহালৈ। এটা সময়ত তেওঁ আহিল। আহোঁতেই অভিযোগ দল-সংগঠনৰ।
জাহাংগীৰে সমগ্ৰ পৰিৱেশ বিনষ্ট কৰিছে

স্থানীয় ৰাইজৰ অভিযোগ এয়া এদিনৰ ঘটনা নহয়। প্ৰায়ে অ চি জাহাংগীৰৰ কোৱাৰ্টাৰলৈ আহে বিভিন্ন যুৱতী। নিশা পাৰ্টী কৰে। পূৰ্বেও বহুবাৰ ঘটিছে এনে ঘটনা।

দল-সংগঠনৰ অভিযোগ, সৰুপথাৰত থকা অৱস্থাতো এনে কাম কৰি এনে কাম কৰি নিলম্বিত হৈছিল তেওঁ। এইজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নুৰ জাহাংগীৰ বিবাহিত। তাৰ পাছতো তেওঁৰ এনে কাণ্ড। নিন্দা কৰিছে সকলোৱে।
নুৰ জাহাংগীৰক সৰুপথাৰ থানাত সোধা-পোছা
এপিনে সঞ্চালকপ্ৰধানে কৈছে অসম আৰক্ষী নিকা হব লাগে। জনহিত, জনসেৱাৰ্থে ন্যায়ৰ পক্ষত যুঁজ দিব লাগিব। কোনো কাৰণত খাকী পোছাকত দাগ লাগিবলৈ দিয়া নহব। কিন্তু ৰাইজে গৈ দেখিলে কোৱাৰ্টাৰ ভিতৰত নুৰ জাহাংগীৰৰ গাত পোছাকেই নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাজুলীৰ বিধায়ক ভুবন গামৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী

অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ পৱিত্ৰ সত্ৰ-সমাজৰ...

ব’লবমৰ বাবে পানী আনিবলৈ গৈ লুইতত সন্ধানহীন পিতা-পুত্ৰ

ব'লবমৰ আনন্দোল্লাসৰ মাজতে ডিব্ৰুগড়ৰ মাইজানত সংঘটিত হৈছে এক শোকাৱহ...

ছাইৰ আঘাত, ছৰফৰাজৰ ভাগ্যোদয়!

অপেক্ষাৰ অন্ত পৰিল। ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে ৰান সংগ্ৰহ কৰি...

গুজৰাটৰ মুখ্যমন্ত্ৰীক কমনৱেল্থ গেমছৰ পতাকা প্ৰদান: ২০৩০চনৰ মেগা ইভেণ্টৰ প্ৰস্তুতিৰ আনুষ্ঠানিক শুভাৰম্ভ

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক (Bhupendra Patel) আনুষ্ঠানিকভাৱে ২০৩০ চনৰ...