অটল বিহাৰী বাজপেয়ী অসম তথা উত্তৰ পূৰ্বাঞ্চল হিতৈষী আছিল: মুখ্যমন্ত্রী

0 52

সুশাসন দিৱসত অংশগ্রহণ কৰিলে মুখ্যমন্ত্রীয়ে

ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূর্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্রীয়ে

প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী আছিল এক বর্ণিল জীৱনৰ গৰাকী: মুখ্যমন্ত্রী

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সকলোৱে বিকশিত ভাৰতবৰ্ষ গঢ়াৰ সংকল্প লৈছে: মুখ্যমন্ত্রী

প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী অসম তথা উত্তৰ পূৰ্বাঞ্চল হিতৈষী আছিল: মুখ্যমন্ত্রী

প্রাক্তন প্রধানমন্ত্রী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ৯৯তম জন্ম দিৱস উপলক্ষে আজি গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ উদ্যোগত মালিগাঁৱৰ অটল উদ্যানত আয়োজিত সুশাসন দিৱসত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে। মুখ্যমন্ত্রীয়ে প্রাক্তন প্রধানমন্ত্রী গৰাকীৰ প্রতি গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে অটল উদ্যানত অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূর্তি স্থাপনৰ আধাৰশিলা স্থাপন কৰে।

মুখ্যমন্ত্রীয়ে কয় যে, দেশত সুশাসন প্রতিষ্ঠাৰ দিশত প্রাক্তন প্রধানমন্ত্রী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ভূমিকা অপৰিসীম। অটল উদ্যানত প্রাক্তন প্রধানমন্ত্রী গৰাকীৰ এটি প্রতিমূর্তি নির্মাণৰ কাম আজিৰে পৰা আৰম্ভ হৈছে আৰু অহা বছৰৰ আজিৰ দিনটোতে এই প্রতিমূর্তি উন্মোচন কৰা হ’ব বুলি আশা প্রকাশ কৰি মুখ্যমন্ত্রীয়ে কয় যে অটল বিহাৰী বাজপেয়ী আছিল এক বর্ণিল জীৱনৰ গৰাকী। তেওঁ কয় যে অটল বিহাৰী বাজপেয়ী আছিল এগৰাকী কবি, সাংবাদিক, ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘৰ প্ৰচাৰক, ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সদস্য, ভাৰতীয় জনতা পার্টিৰ প্ৰতিষ্ঠাপক সভাপতি, কেইবাবাৰৰ সাংসদ, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্রী ওপৰি লোকসভাত বিৰোধী দলপতিৰ দায়িত্বও নিষ্ঠাৰে পালন কৰিছিল বুলি মুখ্যমন্ত্রীয়ে কয়। প্রাক্তন প্রধানমন্ত্রী গৰাকীৰ প্ৰতি গভীৰ শ্রদ্ধা জ্ঞাপন কৰি মুখ্যমন্ত্রীয়ে কয় যে ভাৰতবৰ্ষৰ প্রধানমন্ত্রী হিচাপে তেখেতে এখন নতুন ভাৰতবৰ্ষৰ ইতিহাস ৰচনা কৰিছিল। ভাৰতবৰ্ষত জন্মগ্রহণ কৰা ঋষিতুল্য ব্যক্তিসকলৰ ভিতৰত তেখেত আছিল এগৰাকী প্রাতঃস্মৰণীয় ব্যক্তি। ব্যৰ্থতা স্বীকাৰ নকৰা এক অদমনীয় ব্যক্তিত্বৰ গৰাকী অটল বিহাৰী বাজপেয়ী আছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে ভাৰতীয় জনতা পার্টিৰ আটাইতকৈ কঠিন সময়ত তেখেতে পৰাজয় মানিব বিচৰা নাছিল। মুখ্যমন্ত্রীয়ে কয় যে বাজপেয়ীৰ প্ৰতিটো বক্তৃতাৰ প্রতিফলন আজি সকলোরে দেখিবলৈ পাইছে। মুখ্যমন্ত্রীয়ে লগতে কয় যে, ভাৰতীয় জনতা পার্টি এতিয়া বিশ্বৰ ভিতৰতে এক বৃহৎ ৰাজনৈতিক দল।

প্রধানমন্ত্রী নবেন্দ্র মোদীৰ নেতৃত্বত সকলোৱে বিকশিত ভাৰতবৰ্ষ গঢ়াৰ সংকল্প লৈছে বুলি দোহাৰি তেওঁ কয় যে তাৰ এক মহান ভেটি যুগদ্রষ্টা অটল বিহাৰী বাজপেয়ীয়ে নির্মাণ কৰিছিল। মুখ্যমন্ত্রীয়ে কয় যে পোখৰাণৰ পাৰমাণবিক পৰীক্ষা, ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেনযুক্তৰ পৰা ছয়লেনযুক্তলৈ পৰিবৰ্তন কৰা সপোন অটল বিহাৰী বাজপেয়ীয়ে বাস্তৱত পৰিণত কৰিছিল। কার্গিল যুদ্ধৰ বিজয় তেখেতৰ ৰাজনৈতিক জীৱনৰ এক গুৰুত্বপূৰ্ণ মুহূর্ত আছিল আৰু বাজপেয়ীৰ শাসন কালত উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে ড’নাৰ মন্ত্রণালয় গঠিত হৈছিল বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্রীয়ে লগতে কয় যে কেন্দ্রীয় বাজেটত প্রতিটো মন্ত্রণালয়ত দহ শতাংশ বাজেট অঞ্চলটোৰ উন্নয়নৰ বাবে নির্ধাৰণ কৰা হৈছিল। মুখ্যমন্ত্ৰীয়ে কয় যে অটল বিহাৰী বাজপেয়ী অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হিতৈষী আছিল। অটল বিহাৰী বাজপেয়ীৰ ৯৯তম জন্ম দিৱসত মুখ্যমন্ত্রীয়ে তেখেতক কৃতজ্ঞতাৰে সোঁৱৰণ কৰে। অটল বিহাৰী বাজপেয়ীয়ে উত্তৰ পূবৰ বাবে যি সপোন দেখিছিল সেই সপোন বাস্তবত ৰূপায়ণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আজি সকলোৱে ধাবমান হৈছে আৰু এই দিশত নিশ্চিতভাবে সফল হ’ব পৰা যাব বুলিও তেওঁ মন্তব্য কৰে। ৰাজ্যিক বিজেপি দলৰ নতুন কার্যালয়টো অটল বিহাৰী বাজপেয়ীৰ নামত উৎসৰ্গা কৰি দলে কৃতজ্ঞতা পুনৰ এবাৰ প্ৰমাণ কৰিছে বুলিও মুখ্যমন্ত্রীয়ে কয়। সুশাসন দিৱস উদ্যাপনৰ এই দিনটোতে মুখ্যমন্ত্রীয়ে অটল বিহাৰী বাজপেয়ীৰ কবিতা এটি আওঁৰাই।

আজিৰ এই অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্রী জয়ন্তমল্ল বৰুৱা, সাংসদ কুইন ওজা, ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্র মাৰ্ঘেৰিটা, বিজেপি দলৰ সভাপতি ভরেশ কলিতা, গুৱাহাটি মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা আৰু উপাধ্যক্ষ মুকুতা ডেকা, প্রাক্তন কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাই, প্রাক্তন সাংসদ ৰমেন ডেকা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, মহাবীৰ স্বামী প্রমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.