কাইলৈ চেঞ্চুৰিয়ানত বক্সিং ডে’ টেষ্ট মেচ

সমুখ সমৰত ভাৰত আৰু দক্ষিণ আফ্ৰিকা

কিন্তু কি এই বক্সিং ডেটেষ্ট?

কিয় ২৬ ডিচেম্বৰত অনুষ্ঠিত হয় বক্সিং ডে’ টেষ্ট?

ক্ৰিকেটৰ ULTIMATE ফৰ্মেট বুলি ক’লেই অনুৰাগীৰ মনত আহে টেষ্ট ক্ৰিকেটৰ কথা। ক্ৰিকেটৰ প্ৰথমটো ফৰ্মেট আছিল টেষ্ট ক্ৰিকেট। এজন ক্ৰিকেটাৰৰ বাবে টেষ্ট ক্ৰিকেট হৈছে সাহস আৰু ধৈৰ্যৰ পৰিক্ষা। বেটাৰ, বলাৰ আৰু ফিল্ডাৰৰ বাবে চূড়ান্ত কৌশলৰ পৰীক্ষা হৈছে টেষ্ট ক্ৰিকেট। সেয়েহে, ক্ৰিকেটৰ এই ফৰ্মেটটোক কোৱা হয় ‘টেষ্ট’ ক্ৰিকেট। টেষ্ট ক্ৰিকেটৰ দুৰ্গ বুলি ক’লে মনলৈ আহে অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, ভাৰত আৰু ইংলেণ্ডৰ নাম। দক্ষিণ আফ্ৰিকা আৰু আৰু অষ্ট্ৰেলিয়াত ২৬ ডিচেম্বৰত অনুষ্ঠিত হয় বক্সিং ডে’ টেষ্ট। কিন্তু কিয় বিশেষ এই বক্সিং ডে’ টেষ্ট। জানো আহক…সাধাৰণতে

বৰদিনৰ পিছৰ দিনটোক কোৱা হয় বক্সিং ডে’

আৰ্তজনক ২৬ ডিচেম্বৰৰ গীৰ্জাসমূহত বাকচ বা BOXত দিয়া হয় উপহাৰ

লগতে, বৰদিনত গীৰ্জা আৰু অন্য কৰ্মস্থানত কাম কৰা লোকসকলকো বৰদিনৰ পিছদিনা দিয়া হয় উপহাৰৰ টোপোলা বা BOX। সেয়েহে ২৬ ডিচেম্বৰত অনুষ্ঠিত হোৱা

টেষ্ট মেচসমূহক নাম দিয়া হয় বক্সিং ডে’ টেষ্ট

কমনৱেলথ ৰাষ্ট্ৰ অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ডত অনুষ্ঠিত হয় এই টেষ্ট

অষ্ট্ৰেলিয়াৰ ঐতিহাসিক মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত প্ৰত্যেক বছৰে অনুষ্ঠিত হয় বক্সিং ডে’ টেষ্ট। চেঞ্চুৰিয়ানত যদি ভাৰত-দক্ষিণ আফ্ৰিকা…

MCGত অষ্ট্ৰেলিয়া-পাকিস্তানৰ মাজত বক্সিং ডেমহাৰণ

অৱশ্যে এইবাৰ নিউজিলেণ্ডত অনুষ্ঠিত নহয় বক্সিং ডেটেষ্ট

চেঞ্চুৰিয়ানত বক্সিং ডে’ টেষ্টৰ বাবে সাজু হৈছে ভাৰতীয় ক্ৰিকেট দল। ICC ক্ৰিকেট বিশ্বকাপৰ পিছত প্ৰথমবাৰলৈ খেলপথাৰত দেখা পোৱা যাব অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলিক। দীঘলীয়া বিৰতিৰ পিছত টেষ্ট ক্ৰিকেটত ভাগ ল’ব দুয়োজন তাৰকা খেলুৱৈয়ে।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ট্ৰাম্পৰ ‘বৃহৎ, সুন্দৰ বিল’ আইনত পৰিণত হ’লে ভাৰতলৈ ধন পঠিয়াবলৈ অতিৰিক্ত কৰ দিব লাগিব!

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নতুন অস্ত্ৰ ‘বিশাল সুন্দৰ বিল’ (ওৱান বিগ...

বিলাসী জীৱনশৈলী, সঘনাই বিদেশ ভ্ৰমণ! কোনে তাৰ বাবে ধন দিছিল জ্যোতি মালহোত্রাক?

দেশ-বিদেশত ঘূৰি ফুৰি জ্যোতি মালহোত্ৰা বিলাসবহুল হোটেলত থাকিছিল। বিমানৰ...

আইন অনুসৰি এজন ব্যক্তিয়ে ঘৰত কিমান নগদ ধন ৰাখিব পাৰে?

ৰাজনৈতিক নেতা বা উদ্যোগপতিৰ ঘৰত আয়কৰ বিভাগ, চিবিআই বা...

বাংলাদেশী সামগ্ৰীৰ আমদানি বন্ধ কৰিলে ভাৰতে; আলোচনাত বহিব বিচাৰিছে ইউনুছ চৰকাৰে

ভাৰত চৰকাৰে স্থলপথৰ জৰিয়তে বাংলাদেশৰ একাধিক পণ্যৰ আমদানি বন্ধ...