কাইলৈ চেঞ্চুৰিয়ানত বক্সিং ডে’ টেষ্ট মেচ

সমুখ সমৰত ভাৰত আৰু দক্ষিণ আফ্ৰিকা

কিন্তু কি এই বক্সিং ডেটেষ্ট?

কিয় ২৬ ডিচেম্বৰত অনুষ্ঠিত হয় বক্সিং ডে’ টেষ্ট?

ক্ৰিকেটৰ ULTIMATE ফৰ্মেট বুলি ক’লেই অনুৰাগীৰ মনত আহে টেষ্ট ক্ৰিকেটৰ কথা। ক্ৰিকেটৰ প্ৰথমটো ফৰ্মেট আছিল টেষ্ট ক্ৰিকেট। এজন ক্ৰিকেটাৰৰ বাবে টেষ্ট ক্ৰিকেট হৈছে সাহস আৰু ধৈৰ্যৰ পৰিক্ষা। বেটাৰ, বলাৰ আৰু ফিল্ডাৰৰ বাবে চূড়ান্ত কৌশলৰ পৰীক্ষা হৈছে টেষ্ট ক্ৰিকেট। সেয়েহে, ক্ৰিকেটৰ এই ফৰ্মেটটোক কোৱা হয় ‘টেষ্ট’ ক্ৰিকেট। টেষ্ট ক্ৰিকেটৰ দুৰ্গ বুলি ক’লে মনলৈ আহে অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, ভাৰত আৰু ইংলেণ্ডৰ নাম। দক্ষিণ আফ্ৰিকা আৰু আৰু অষ্ট্ৰেলিয়াত ২৬ ডিচেম্বৰত অনুষ্ঠিত হয় বক্সিং ডে’ টেষ্ট। কিন্তু কিয় বিশেষ এই বক্সিং ডে’ টেষ্ট। জানো আহক…সাধাৰণতে

বৰদিনৰ পিছৰ দিনটোক কোৱা হয় বক্সিং ডে’

আৰ্তজনক ২৬ ডিচেম্বৰৰ গীৰ্জাসমূহত বাকচ বা BOXত দিয়া হয় উপহাৰ

লগতে, বৰদিনত গীৰ্জা আৰু অন্য কৰ্মস্থানত কাম কৰা লোকসকলকো বৰদিনৰ পিছদিনা দিয়া হয় উপহাৰৰ টোপোলা বা BOX। সেয়েহে ২৬ ডিচেম্বৰত অনুষ্ঠিত হোৱা

টেষ্ট মেচসমূহক নাম দিয়া হয় বক্সিং ডে’ টেষ্ট

কমনৱেলথ ৰাষ্ট্ৰ অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ডত অনুষ্ঠিত হয় এই টেষ্ট

অষ্ট্ৰেলিয়াৰ ঐতিহাসিক মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত প্ৰত্যেক বছৰে অনুষ্ঠিত হয় বক্সিং ডে’ টেষ্ট। চেঞ্চুৰিয়ানত যদি ভাৰত-দক্ষিণ আফ্ৰিকা…

MCGত অষ্ট্ৰেলিয়া-পাকিস্তানৰ মাজত বক্সিং ডেমহাৰণ

অৱশ্যে এইবাৰ নিউজিলেণ্ডত অনুষ্ঠিত নহয় বক্সিং ডেটেষ্ট

চেঞ্চুৰিয়ানত বক্সিং ডে’ টেষ্টৰ বাবে সাজু হৈছে ভাৰতীয় ক্ৰিকেট দল। ICC ক্ৰিকেট বিশ্বকাপৰ পিছত প্ৰথমবাৰলৈ খেলপথাৰত দেখা পোৱা যাব অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলিক। দীঘলীয়া বিৰতিৰ পিছত টেষ্ট ক্ৰিকেটত ভাগ ল’ব দুয়োজন তাৰকা খেলুৱৈয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১০ মিনিটৰ সিদ্ধান্ত, ১০ ছেকেণ্ডত জীৱন ৰক্ষা! ১৬০০ ছাত্ৰ-ছাত্ৰীৰ ত্ৰাণকৰ্তা এগৰাকী প্ৰধান শিক্ষক

নেপালৰ এখন বিদ্যালয়। পুৱা তেতিয়া স্বাভাৱিকভাৱেই চলি আছিল পাঠদান।...

গুৰুত্বপূৰ্ণ খনিজৰ সন্ধানত জাম্বিয়াৰ সৈতে পুনৰ আলোচনাত ভাৰত

দেশৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ ক্ৰমবৰ্ধমান কেঁচামালৰ চাহিদা পূৰণৰ...

এয়াৰ ভাইচ মাৰ্শ্বাল শক্তি শৰ্মাই ৰচিলে ইতিহাস! কিয় বিশেষ এই সাফল্য?

ভাৰতীয় বায়ুসেনাত মহিলাৰ নতুন মাইলষ্টোন। এয়াৰ ভাইচ মাৰ্শ্বাল পদত...

৪ ছেপ্টেম্বৰক ‘অসম শিক্ষক শিক্ষা দিৱস’ হিচাপে পালনৰ সিদ্ধান্ত সদৌ অসম ডায়েট বিষয়া সন্থাৰ

সদৌ অসম ডায়েট বিষয়া সন্থাৰ কাৰ্যনিৰ্বাহক সমিতিৰ এখন গুৰুত্বপূৰ্ণ...