অসম ক্ৰিকেট সন্থাৰ উদ্বোধনী বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগ নিলামৰ বাবে খেলুৱৈৰ তালিকা যুগুত

অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী সংস্কৰণৰ খেলুৱৈৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে অসম ক্ৰিকেট সন্থাই। লীগত অংশগ্ৰহণৰ বাবে আগ্ৰহ প্ৰকাশ কৰা পঞ্জীয়নভুক্ত খেলুৱৈসকলৰ মাজৰ পৰা মুঠ ২৭৫ গৰাকী খেলুৱৈক নিলামৰ বাবে তালিকাভূক্ত কৰা হৈছে। সেই নিৰ্দিষ্ট কৰা খেলুৱৈসকলৰ নাম এতিয়া এপিএলৰ খেলুৱৈ নিলামৰ প্ৰক্ৰিয়ালৈ আগবাঢ়িব।

অহা ১৯ জুলাইত গুৱাহাটীৰ ACA ষ্টেডিয়ামত APLৰ বাবে খেলুৱৈৰ নিলাম অনুষ্ঠিত হ’ব আৰু তাতে অংশগ্ৰহণকাৰী ফ্ৰেঞ্চাইজিসমূহে লীগৰ উদ্বোধনী ছিজনৰ বাবে নিজ নিজ দল গঠন কৰিবলৈ খেলুৱৈ নিৰ্বাচন কৰিব।

ক্ৰিকেটীয় প্ৰতিভা প্ৰদৰ্শনৰ বাবে এই লীগে এক অগ্ৰণী মঞ্চ হিচাপে কাম কৰিব আৰু BCCIৰ আগন্তুক ঘৰুৱা ছিজনৰ বাবে খেলুৱৈ চিনাক্তকৰণ আৰু নিৰ্বাচনতো উল্লেখযোগ্য ভূমিকা পালন কৰিব।

অধিক খবৰ পৰৱৰ্তী সময়ত জনোৱা হ’ব।

অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বালিপৰা ফাউণ্ডেচনৰ ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ আৰম্ভ

বালিপৰা ফাউণ্ডেচনৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে ছয়দিনীয়া...

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানীৰ পৰা হেকাৰে চুৰি কৰিলে ৬.৩ বিলিয়ন ডলাৰ মূল্যৰ ক্ৰিপ্ট’কাৰেন্সী

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানী Binanceত সংঘটিত হৈছে বৃহৎ...

উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬জন যাত্ৰী সন্ধানহীন

উত্তৰাখণ্ডৰ যোশীমঠত প্ৰচণ্ড তুষাৰপাতৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ...

কেদাৰনাথত ছাৰা আলী খানৰ পূজা-অৰ্চনাক লৈ বিতৰ্ক, ফতোৱা জাৰি ইছলামিক ধৰ্মগুৰুৰ

বলীউড অভিনেত্ৰী ছাৰা আলী খানৰ কেদাৰনাথ মন্দিৰ দৰ্শনক লৈ...