অসম ক্ৰিকেট সন্থাৰ উদ্বোধনী বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগ নিলামৰ বাবে খেলুৱৈৰ তালিকা যুগুত

অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী সংস্কৰণৰ খেলুৱৈৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে অসম ক্ৰিকেট সন্থাই। লীগত অংশগ্ৰহণৰ বাবে আগ্ৰহ প্ৰকাশ কৰা পঞ্জীয়নভুক্ত খেলুৱৈসকলৰ মাজৰ পৰা মুঠ ২৭৫ গৰাকী খেলুৱৈক নিলামৰ বাবে তালিকাভূক্ত কৰা হৈছে। সেই নিৰ্দিষ্ট কৰা খেলুৱৈসকলৰ নাম এতিয়া এপিএলৰ খেলুৱৈ নিলামৰ প্ৰক্ৰিয়ালৈ আগবাঢ়িব।

অহা ১৯ জুলাইত গুৱাহাটীৰ ACA ষ্টেডিয়ামত APLৰ বাবে খেলুৱৈৰ নিলাম অনুষ্ঠিত হ’ব আৰু তাতে অংশগ্ৰহণকাৰী ফ্ৰেঞ্চাইজিসমূহে লীগৰ উদ্বোধনী ছিজনৰ বাবে নিজ নিজ দল গঠন কৰিবলৈ খেলুৱৈ নিৰ্বাচন কৰিব।

ক্ৰিকেটীয় প্ৰতিভা প্ৰদৰ্শনৰ বাবে এই লীগে এক অগ্ৰণী মঞ্চ হিচাপে কাম কৰিব আৰু BCCIৰ আগন্তুক ঘৰুৱা ছিজনৰ বাবে খেলুৱৈ চিনাক্তকৰণ আৰু নিৰ্বাচনতো উল্লেখযোগ্য ভূমিকা পালন কৰিব।

অধিক খবৰ পৰৱৰ্তী সময়ত জনোৱা হ’ব।

অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লী আৰক্ষীৰ হাতত আটক মমতা বেনাৰ্জী, প্ৰিজন ভেনত বহি গালে ‘জাগো দুৰ্গা’

দিল্লীত আটক কৰা হ’ল পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা...

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস: কিদৰে যত্ন ল’ব মানসিক স্বাস্থ্যৰ?

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস। বিশ্বজুৰি মানসিক স্বাস্থ্য সম্পৰ্কে...

বিশ্ব মঞ্চত অসমৰ আৰক্ষী জোৱানৰ চমক! লন বাউলছত ভাৰতৰ প্ৰথমটো পদক নিশ্চিত কৰিলে পুতুল সোণোৱালে

বিশ্ব বাউলছ চেম্পিয়ন অৱ চেম্পিয়নছ প্ৰতিযোগিতাত ইতিহাস সৃষ্টি কৰিছে...