পেট্ৰ’লত ইথানল মিশ্ৰণৰ নীতিক লৈ সৃষ্টি হোৱা বিতৰ্কক ‘ভুল বাখ্যা’ বুলি অভিহিত কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ

কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে পেট্ৰ’লত ইথানল মিশ্ৰণৰ নীতিক লৈ সৃষ্টি হোৱা বিতৰ্কক ‘ভুল প্ৰতিবেদন আৰু ভুল বাখ্যা’ বুলি অভিহিত কৰিছে, আৰু তেওঁৰ উত্তৰৰ সমৰ্থনত মৌলিক তথ্যৰ এক চমু সাৰাংশ দাঙি ধৰিছে।

তেওঁ কয় – “E20 ইন্ধন ব্যৱহাৰ কৰা ২০ কোটি দুচকীয়া বাহন আৰু ২০ লাখ চাৰিচকীয়া বাহন পথত চলি আছে। গাড়ী নিৰ্মাতাসকলৰ লগতে এই বাহনবোৰৰ ছাৰ্ভিচিং কৰা লোকসকলেও কৈছে যে ইয়াত কোনো অসুবিধা নাই। তেন্তে হঠাত এই ইচ্ছ্যু কিয়? আমি যোৱা চাৰে তিনি বছৰ ধৰি E15 (১৫% ইথানল আৰু ৮০% পেট্ৰ’লৰ মিশ্ৰণ) ব্যৱহাৰ কৰি আছো। যোৱা বছৰৰ এপ্ৰিল মাহৰ পৰা আমি E20 (২০% ইথানল আৰু ৮০% পেট্ৰ’লৰ মিশ্ৰণ) ব্যৱহাৰ কৰি আছো। ২০২৫ চনৰ এপ্ৰিলৰ পৰা ২০২৬ চনৰ এপ্ৰিললৈ ইতিমধ্যে এবছৰ হৈ গ’ল, আৰু এতিয়া আমি তাৰ পাছৰ আৰু পাঁচ মাহ পাৰ কৰিছোঁ। যদি কোনোবাই E25 (২৫% ইথানল আৰু ৮০% পেট্ৰ’লৰ মিশ্ৰণ)ৰ পৰামৰ্শ দিছে, তেন্তে আমি স্পষ্ট কৰি দিছো যে আমি পৰীক্ষা-নিৰীক্ষা চলাই আছোঁ। সেই পৰীক্ষাবোৰ সম্পন্ন হ’বলৈ সময় লাগিব। ৰিপৰ্টবোৰ অহাৰ পিছত আমি সেইবোৰ মূল্যায়ন কৰিম। তাৰ পিছত আমি অংশীদাৰ (Stakeholders) আৰু গাড়ী নিৰ্মাতাসকলৰ সৈতে এই ফলাফলসমূহ আলোচনা কৰিম। মই নিজেও গাড়ী তৈয়াৰ নকৰোঁ আৰু ইন্ধনো উৎপাদন নকৰোঁ। গাড়ী নিৰ্মাতাসকল E20-ক লৈ সন্তুষ্ট। তেওঁলোকৰ প্ৰত্যেকৰে এই সন্দৰ্ভত একোটা বিবৃতি আছে। গ্ৰাহকসকলেও পছন্দ কৰিছে। আমি E85 (৮৫% ইথানল আৰু ১৫% পেট্ৰ’লৰ মিশ্ৰণ)ৰ আৰম্ভণিহে কৰিছোঁ, আৰু এই কামত কিছু সময় লাগিব কাৰণ নতুন পেট্ৰ’ল পাম্প আৰু ইয়াৰ সৈতে জড়িত আন্তঃগাঁথনি স্থাপন কৰাৰ প্ৰয়োজন আছে…”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মণিপুৰৰ কামজঙত পুনৰ হিংসাত্মক ঘটনা; গুলীত প্ৰাণ গ’ল ৫ সন্তানৰ মাতৃৰ, জ্বলাই দিলে কেইবাটাও ঘৰ

মণিপুৰৰ সংঘাতজৰ্জৰিত পৰিস্থিতিৰ মাজতে কামজং জিলাত পুনৰ হিংসাত্মক ঘটনা।...

ৰাষ্ট্ৰসংঘত পাকিস্তানক কঠোৰ সমালোচনা ভাৰতৰ; জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি পুনৰ স্পষ্ট ঘোষণা ভাৰতৰ

জম্মু-কাশ্মীৰক লৈ ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ সমালোচনা কৰিছে ভাৰতে। জম্মু-কাশ্মীৰ...

দিল্লী আৰক্ষীৰ হাতত আটক মমতা বেনাৰ্জী, প্ৰিজন ভেনত বহি গালে ‘জাগো দুৰ্গা’

দিল্লীত আটক কৰা হ’ল পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা...