নিশা সৰুপথাৰৰ ইকৰাণিত চাঞ্চল্যকৰ ঘটনা

নিশা সৰুপথাৰৰ ইকৰাণিত চাঞ্চল্যকৰ ঘটনা৷ শূন্যলৈ গুলীচালনা ৫ জনীয়া দুৰ্বৃত্তৰ দলৰ। ইকৰাণিৰ আইচেং ধাবাৰ সন্মুখত এই ঘটনা। ২ খন বাহনত আহিছিল দুৰ্বৃত্তৰ দলটো। বন্ধ কৰিবলৈ লোৱা ধাবাখনত সুৰা বিচাৰি গৈছিল দলটোৱে। তাৰ পাছতে সুৰা বিচাৰি ধাবাৰ মালিকক ধমক, তৰ্কাতৰ্কিত লিপ্ত হয় দলটো। তাৰ পিছতে গাড়ীৰ পৰা ওলাই এজন যুৱকৰ শূন্যলৈ গুলীচালনা। সৰ্বমুঠ ৩ জাঁই গুলীচালনা কৰে যুৱকজনে। গাড়ীখনত অহা দুজন যুৱকক কৰায়ত্ত কৰে ধাবাৰ কৰ্মচাৰীয়ে। উত্তপ্ত পৰিস্থিতিৰ মাজতে গাড়ীসহ পলায়ন ৩ যুৱকৰ। পিছত কাজিৰঙাৰ বাগৰিত আৰক্ষীয়ে জব্দ কৰে গাড়ী দুখন। দুৰ্বৃত্তৰ দলটোৰ আটাইকেইজনকে আটক কৰে আৰক্ষীয়ে। আটকাধীন- গজেন বৰা, দশৰথ সিং, শচীন শৰ্মা, উত্তম দাস আৰু অভিমন্যু দাস। ধৃত অভিমন্যু দাসে ধাবাত গুলীচালনা কৰিছিল শূন্যলৈ। নাগালেণ্ড সীমান্তৰ নেফানি অঞ্চলত শিলৰ ব্যৱসায়ৰে জড়িত আটাইকেইজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...