নগৰবেৰাৰ লটাৰী খেলত সৃষ্টি হ’ল কুৰুক্ষেত্ৰ

লটাৰি খেলত কি পাব তাৰ আশাত ৰৈ আছিল হাজাৰ-হাজাৰ লোক। কিন্তু প্ৰথম পুৰষ্কাৰ ঘোষণাৰ পাছতেই ৰাইজ আৰু আয়োজকৰ মাজত মতানৈক্য। স্থগিত ৰাখিলে খেল। তাৰ পাছত খেল আৰু পুনৰ আৰম্ভ নহ’ল। তাকেই লৈ নগৰবেৰাৰ লটাৰি খেলত সৃষ্টি হ’ল কুৰুক্ষেত্ৰ।

মঞ্চত মিথুনৰ চিনেমাৰ গান
বাহিৰত মিথুনৰ চিনেমাৰ দৰেই এক্সন

কোনে কাক মাৰিছে। কোনে কাক টানিছে। কোনে চকী ভাঙিছে। কোনে শিল মাৰিছে কোনো হিচাপ নাই। মুঠৰ ওপৰত এক হুলস্থুলীয়া পৰিস্থিতি। নগৰবেৰাত সৃষ্টি হ’ল এই ভয়ানক পৰিস্থিতি। নগৰবেৰাত অনুষ্ঠিত হৈছিল ৰাস মহোত্সৱ। ৯১ সংখ্যক নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱত এইবেলি আয়োজন কৰা লটাৰিৰ খেলখন সোমবাৰে নিশা অনুষ্ঠিত হোৱাৰ কথা আছিল। প্ৰথমে বহু সময়লৈ খেল অনুষ্ঠিতই হোৱা নাছিল। পাছত প্ৰথম পুৰস্কাৰৰ খেল অনুষ্ঠিত হৈ যোৱাৰ লগে-লগেই ৰাইজ আৰু আয়োজক সমিতিৰ মাজত সৃষ্টি হয় মতানৈক্যৰ। লগে-লগে খেলখন স্থগিত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে কমিটিয়ে। তাতেই ক্ষুন্ন হৈ পৰে ৰাইজ। স্থগিত খেলখন পুনৰ অনুষ্ঠিত নকৰিলে আয়োজকে।

ক্ষুব্ধ ৰাইজে ভাঙি লণ্ডভণ্ড কৰে লটাৰি খেলখনৰ কাৰ্যালয়ৰ বেৰীকেড আৰু আচবাব। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অৱশেষত আৰক্ষীয়ে লাঠীচালনা কৰে। এই ঘটনাক লৈ নগৰবেৰা অঞ্চলত উত্তেজনা। আৰক্ষীৰ বেতৰ কোবত আহত কেইবাজনো। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজনকৈ লোকক আটক কৰিছে। লটাৰি খেলৰ মাজতেই সৃষ্টি হ’ল এই উত্তপ্ত পৰিস্থিতি। এতিয়াও ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...