ঘৰৰ ভিতৰতে ২শিশুসহ পিতৃ-মাতৃক গুলিয়াই হত্যা

আমেথিত শিক্ষকৰ ৪জনীয়া পৰিয়ালক নিৰ্মম হত্যা। নিজ বাসগৃহতে পত্নী, ২কন্যা শিশুসহ শিক্ষকক গুলীয়াই হত্যা। এই কৰুণ ঘটনাই জোঁকাৰি গৈছে উত্তৰপ্ৰদেশ। আমেথিৰ ভৱানী নগৰত সংঘটিত হ’ল এই ঘটনা। আমেথিৰ ভৱানী নগৰৰ এজন ৩৫ বছৰীয়া স্কুল শিক্ষক সুনীল কুমাৰ। কাৰোৰে সৈতে তেওঁৰ বিশেষ কাজিয়া নাছিল। কিন্তু এই স্কুল শিক্ষকজনৰ লগতে তেওঁৰ পৰিয়ালবৰ্গক দুৰ্বৃত্তই ঘৰতে গুলীয়াই হত্যা কৰি আঁতৰি যোৱা ঘটনাই সমগ্ৰ উত্তৰ প্ৰদেশত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভৱানীচ’কৰ এটা ভাৰাঘৰত উদ্ধাৰ সুনীলৰ মৃতদেহ। ৩০ বছৰীয়া পত্নী পুনম ভাৰতীকো গুলীয়াই হত্যা। নিৰ্দয় হত্যাকাৰীৰ গুলীৰ পৰা সাৰি নগ’ল ২ কণমানি। ৫ বছৰীয়া সৃষ্টি, ডেৰ বছৰীয়া সমীক্ষাকো গুলীয়াই নিৰ্মম হত্যা। ঘটনা সংঘটিত কৰিয়েই পলায়ন দুৰ্বৃত্তৰ। এই হত্যাকাণ্ডৰ আঁৰত চন্দন বাৰ্মা নামৰ এজন স্থানীয় লোক জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ ব্যক্ত কৰিছে। যোৱা ১৮ আগষ্টত সুনীলৰ পত্নী পুনম ভাৰতীয়ে চন্দন বাৰ্মাৰ বিৰুদ্ধে হাৰাশাস্তি কৰাৰ অভিযোগ তুলি ৰায়বেৰেলি থানাত তৰিছিল গোচৰ। সেই গোচৰটোত ভাৰতীয়ে অভিযোগ কৰা মতে চন্দন বাৰ্মাই তেওঁৰ লগতে পৰিয়ালৰ আনসকলক হত্যা কৰিম বুলি ধমকি দিছিল। তেওঁৰ বা তেওঁৰ পৰিয়াল কোনো আক্ৰমণৰ বলি হ’লে তাৰ বাবে চন্দন বাৰ্মা দায়ী হ’ব বুলি পুনম ভাৰতীয়ে উল্লেখ কৰিছিল। পুনমৰ FIR মতে চন্দন বাৰ্মাই তেওঁৰ লগত দুৰ্ব্যৱহাৰ কৰিছিল আৰু তাৰ প্ৰতিবাদ কৰাত তেওঁৰ লগতে স্বামীকো চৰিয়াইছিল। আনহাতে এই সন্দৰ্ভত আৰক্ষীক জনালে হত্যা কৰিম বুলি ধমক দিছিল। যোৱা ১২ ছেপ্টেম্বৰত চন্দন বাৰ্মাই দিছিল এক তাত্পৰ্যপূৰ্ণ ফেচবুক পোষ্ট। ৫গৰাকী লোকৰ অচিৰেই মৃত্যু হ’ব, মই তোমালোকক দেখুৱাই দিম। সুনীল কুমাৰৰ ৪জনীয়া পৰিয়ালক হত্যা কৰি চন্দনে আত্মহননৰ পৰিকল্পনা লৈছিল। উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ঘটনা সন্দৰ্ভত কঠোৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছে আৰক্ষীক। বিৰোধী পক্ষই এই ঘটনা সংঘটিত হোৱাৰ বাবে আদিত্য নাথ চৰকাৰক দোষাৰোপ কৰিছে। এই ঘটনাই আমেথিৰ লগতে সমগ্ৰ অঞ্চলটোৰ আইন শৃংখলাৰ পৰিস্থিতি অৱনতি হোৱাটোকে সূচাইছে বুলি মন্তব্য কৰিছে আমেথিৰ সাংসদ কিশোৰীলাল শৰ্মাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...