জনজাতিকৰণৰ দাবীৰে ১ ছেপ্তেম্বৰৰ পৰা টাই আহোম যুৱ পৰিষদৰ ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী

টাই আহোম যুৱ পৰিষদৰ সংবাদমেল। আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবী। কংগ্ৰেছ-বিজেপি সকলোৱে নিৰ্বাচনী আহিলা হিচাপেহে জনজাতিকৰণৰ বিষয়টো লোৱাক লৈ ক্ষোভ টাই আহোম যুৱ পৰিষদৰ। শীঘ্ৰে আহোম জনগোষ্ঠীক স্বায়ত্ত্ব শাসন প্ৰদান নকৰিলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিয়ে সংগঠনটোৱে। ১ ছেপ্তেম্বৰৰ পৰা ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব সংগঠনটোৱে। দাবী মানি নল’লে উজনি অসম অচল কৰি দিয়াৰো হুংকাৰ। উজনি অসমত থকা তৈলক্ষেত্ৰ বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে টাই আহোম যুৱ পৰিষদে।

  • আহোম জনগোষ্ঠীৰ উন্নয়নৰ বাবে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ১২৫ কোটি টকা শীঘ্ৰে মোকলাই দিয়াৰ দাবী।
  • মৈদাম সমূহৰ সংৰক্ষণ আৰু সুৰক্ষা নিশ্চিত কৰাৰ দাবী টাই আহোম যুৱ পৰিষদৰ।
  • আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী-বিধায়কক আহোমৰ ঐতিহ্য আৰু স্মৃতি সংৰক্ষণ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান।
  • বুৰঞ্জী আৰু ভূগোল বিষয়ক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন ৰাজ্য চৰকাৰক। অসম বুৰঞ্জী নিখুঁতকৈ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰো দাবী।
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...