সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজাৰ পোষকতা ভাৰতৰ

বৃহস্পতিবাৰে কাবুল বিমানবন্দৰত সংঘটিত আত্মঘাতী আক্ৰমণক গৰিহণা দিছে ভাৰত চৰকাৰে। দেশখনৰ জনসাধাৰণক সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়াবলৈ সাজু ভাৰতবৰ্ষ। একে সময়তে, নতুন দিল্লীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজ দিয়াৰো পোষকতা কৰিছে। এই আক্ৰমণে আকৌ এবাৰ বিশ্ববাসীক দেখুৱালে ‘সন্ত্ৰাসবাদ আৰু নৃশংসতাৰ ভয়াৱহ ৰূপ’। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আক্ৰমণত নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ উপৰিও সহায়ৰ আশ্বাস দিছে।

ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনেও কাবুল বিমানবন্দৰত হোৱা এই আক্ৰমণক গৰিহণা দিছে। তেওঁ কয়, “কাবুল বিমানবন্দৰত হোৱা বৰ্বৰ আক্ৰমণে বিশ্ববাসীক বুজাই দিছে যে, এইবাৰ সন্ত্ৰাসবাদক পুলিয়ে পোখাই উঠাই পেলাবলৈ সময় আহি পৰিছে। ভাৰতৰ লগতে অন্যান্য দেশ সমূহে ইতিমধ্যে আফগানিস্তানৰ পৰা নিজ নিজ দেশৰ প্ৰায় সংখ্যক নাগৰিকক দেশলৈ ঘূৰাই আনিছে।

কাবুল বিমানবন্দৰত হোৱা আত্মঘাতী আক্ৰমণৰ ফলত আন্তৰ্জাতিক মহলো হতবাক হৈছে। ৰাষ্ট্ৰসংঘৰ সচিব এণ্টনিঅ’ গুটেৰেছে গৰিহণা দি কয় – “এই ঘটনাই প্ৰমাণ কৰে যে আফগানিস্তানৰ পৰিস্থিতি কিমান গুৰুতৰ। কিন্তু আমি আফগান জনসাধাৰণৰ হিতৰ বাবে সকলো ধৰণৰ সেৱা অব্যাহত ৰাখিম।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...