সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজাৰ পোষকতা ভাৰতৰ

বৃহস্পতিবাৰে কাবুল বিমানবন্দৰত সংঘটিত আত্মঘাতী আক্ৰমণক গৰিহণা দিছে ভাৰত চৰকাৰে। দেশখনৰ জনসাধাৰণক সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়াবলৈ সাজু ভাৰতবৰ্ষ। একে সময়তে, নতুন দিল্লীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজ দিয়াৰো পোষকতা কৰিছে। এই আক্ৰমণে আকৌ এবাৰ বিশ্ববাসীক দেখুৱালে ‘সন্ত্ৰাসবাদ আৰু নৃশংসতাৰ ভয়াৱহ ৰূপ’। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আক্ৰমণত নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ উপৰিও সহায়ৰ আশ্বাস দিছে।

ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনেও কাবুল বিমানবন্দৰত হোৱা এই আক্ৰমণক গৰিহণা দিছে। তেওঁ কয়, “কাবুল বিমানবন্দৰত হোৱা বৰ্বৰ আক্ৰমণে বিশ্ববাসীক বুজাই দিছে যে, এইবাৰ সন্ত্ৰাসবাদক পুলিয়ে পোখাই উঠাই পেলাবলৈ সময় আহি পৰিছে। ভাৰতৰ লগতে অন্যান্য দেশ সমূহে ইতিমধ্যে আফগানিস্তানৰ পৰা নিজ নিজ দেশৰ প্ৰায় সংখ্যক নাগৰিকক দেশলৈ ঘূৰাই আনিছে।

কাবুল বিমানবন্দৰত হোৱা আত্মঘাতী আক্ৰমণৰ ফলত আন্তৰ্জাতিক মহলো হতবাক হৈছে। ৰাষ্ট্ৰসংঘৰ সচিব এণ্টনিঅ’ গুটেৰেছে গৰিহণা দি কয় – “এই ঘটনাই প্ৰমাণ কৰে যে আফগানিস্তানৰ পৰিস্থিতি কিমান গুৰুতৰ। কিন্তু আমি আফগান জনসাধাৰণৰ হিতৰ বাবে সকলো ধৰণৰ সেৱা অব্যাহত ৰাখিম।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...

ডিব্ৰুগড়ৰ পৰা বাংলাদেশলৈ পুনৰ আৰম্ভ হ’ল আন্তঃৰাষ্ট্ৰীয় জলপথেৰে বাণিজ্য

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বগীবিলৰ পৰা বাংলাদেশলৈ ৰপ্তানি হ’ব...