চেন্নাইত স্থাপন হ’ব মেগা অলিম্পিক চিটী, স্থাপন হ’ব ফৰ্মূলা ১ৰ ৰেচিং ক্ষেত্ৰ

তামিলনাডুৰ ক্ৰীড়া ক্ষেত্ৰলৈ সুখবৰ। স্থাপন হ’ব মেগা অলিম্পিক চিটী আৰু বিশ্বমানৰ মটৰ গাড়ী ফৰ্মূলা ১ৰ ৰেচিং ট্ৰেক। বিধানসভাত এই ঘোষণা তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোছেফ বিজয়ৰ। ক্ৰীড়া ক্ষেত্ৰত লোৱা এই পদক্ষেপে পৰ্যটন, বিশেষ বাহন নিৰ্মাণ উদ্যোগ, নিয়োগ আৰু অৰ্থনৈতিক বিকাশৰ নতুন সুযোগ সৃষ্টি কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। তামিলনাডু ক্ৰীড়া উন্নয়ন কৰ্তৃপক্ষৰ অধীনত এই অলিম্পিক চিটী গঢ়ি তোলা হ’ব। ইয়াত থাকিব বিশ্বমানৰ ক্ৰীড়া প্ৰাংগণ, অত্যাধুনিক ক্ৰীড়া সঁজুলি, উচ্চ-কাৰ্যক্ষমতা প্ৰশিক্ষণ কেন্দ্ৰ আৰু সুকীয়া ক্ৰীড়া বিজ্ঞান তথা ক্ৰীড়া চিকিৎসা কেন্দ্ৰ। ইয়াৰ উপৰিও গঢ়ি তোলা হ’ব খেলুৱৈ আৰু প্ৰশিক্ষকসকলৰ বাবে আধুনিক আন্তঃগাঁথনিৰ আৱাস।

অলিম্পিক চিটীখনৰ লক্ষ্য হ’ব এক সংহত ক্ৰীড়া কেন্দ্ৰ গঢ়ি তোলা, য’ত খেলুৱৈসকলে লাভ কৰিব উন্নত প্ৰশিক্ষণ আৰু প্ৰশিক্ষকৰ সুবিধা। ইয়াৰ জৰিয়তে তামিলনাডুৰ খেলুৱৈসকলে অলিম্পিক গেমছ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অধিক পদক লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ মুখ্যমন্ত্ৰী বিজয়ৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে চেন্নাইত এখন সুকীয়া মটৰস্প’ৰ্টছ চিটী স্থাপনৰ কথাও ঘোষণা কৰে। এই কেন্দ্ৰত ফৰ্মুলা ১ৰ পৰা ফৰ্মুলা ৪লৈ বিভিন্ন ৰেচ অনুষ্ঠিত কৰাৰ লক্ষ্য লোৱা হৈছে।

উল্লেখ্য যে চলিত বৰ্ষৰ জুন মাহত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে (MYAS) মটৰস্প’ৰ্টছৰ ওপৰত নজৰ ৰাখিবলৈ এখন টাস্ক ফ’ৰ্চ গঠন কৰিছিল। ২০২৮ চনৰ শেষৰ ভিতৰত ভাৰতলৈ পুনৰ ফৰ্মুলা ১ ৰেচিং ঘূৰাই অনাৰ লক্ষ্যৰে এই টাস্ক ফ’ৰ্চ গঠন কৰা হৈছিল। ২০২৮ চনৰ ভিতৰত ভাৰতলৈ ফৰ্মূলা ১ ঘূৰাই অনাৰ চেষ্টা কৰিব বুলি মন্তব্য তামিলনাডুৰ মুখ্যমন্ত্ৰীগৰাকীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...

ডিব্ৰুগড়ৰ পৰা বাংলাদেশলৈ পুনৰ আৰম্ভ হ’ল আন্তঃৰাষ্ট্ৰীয় জলপথেৰে বাণিজ্য

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বগীবিলৰ পৰা বাংলাদেশলৈ ৰপ্তানি হ’ব...

বিশ্বৰ ৬নম্বৰ খেলুৱৈক হৰুৱাই ইতিহাস অনাহত সিঙৰ, এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ

এছিয়ান গেমছ ২০২৬ত ভাৰতীয় স্কোৱাছ খেলুৱৈ অনাহত সিঙে দেখুৱালে...