একত্ৰিত ১৩ বিলিয়ন ডলাৰ বাণিজ্যৰ দুই শক্তিধৰ ৰাষ্ট্ৰ; ভাৰত-বেলজিয়ামৰ মাজত স্বাক্ষৰিত হ’ল ১০ খনকৈ গুৰুত্বপূৰ্ণ চুক্তি

প্ৰতিৰক্ষা আৰু বাণিজ্যিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ভাৰত ভ্ৰমণ বেলজিয়ামৰ প্ৰধানমন্ত্ৰী ডি ৱেভাৰৰ। ডি ৱেভাৰৰ তিনিদিনীয়া ভাৰত ভ্ৰমণৰ সময়তে ভাৰতৰ সৈতে প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ বাবে স্বাক্ষৰিত হয় ১০ টা চুক্তি। এই চুক্তিসমূহত বেলজিয়ামৰ ১৫টা কোম্পানীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ অধীনত স্থানীয়ভাৱে ৰকেট সংযোজন, গোলাবাৰুদ উৎপাদন আৰু নৌসেনাৰ বিভিন্ন ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা হ’ব। এই প্ৰকল্পসমূহত বেলজিয়ামৰ প্ৰযুক্তিৰ সৈতে ভাৰতীয় উৎপাদন ক্ষমতাৰ সমন্বয় ঘটাব।

ভ্ৰমণকালত ডি ৱেভাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে নিৰাপত্তা, বাণিজ্যিক আৰু আঞ্চলিক পৰিস্থিতিৰ লগতে বহুতো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাত মিলিত হয়। আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বেলজিয়ামৰ প্ৰতিৰক্ষা মন্ত্ৰী থিঅ’ ফ্ৰাংকেনৰ সৈতে প্ৰতিৰক্ষা সহযোগিতা, প্ৰশিক্ষণ, পাৰস্পৰিক আদান-প্ৰদান আৰু যৌথ সামৰিক অনুশীলন সম্প্ৰসাৰণৰ লক্ষ্যৰে বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত কৰে।

ভাৰত আৰু বেলজিয়ামৰ মাজত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ প্ৰায় ১৩ বিলিয়ন ডলাৰ। এই নতুন চুক্তিসমূহৰ লক্ষ্য হৈছে দুয়োখন দেশৰ মাজত দীৰ্ঘম্যাদী ঔদ্যোগিক অংশীদাৰিত্ব গঢ়ি তোলা। একে সময়তে, দুয়োখন দেশে গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি থকা সামূহিক প্ৰতিশ্ৰুতিৰ ভিত্তিত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...