তালিবানৰ দখলত ইখনৰ পিছত সিখন চহৰ

আফগানিস্তানত ক্ৰমাৎ অপ্ৰতিৰোধ্য হৈ উঠিছে তালিবান বাহিনী। আফগান সেনাক ওফৰাই ইখনৰ পিছত সিখন চহৰ দখল কৰিছে তালিবানে। বৰ্তমান সন্ত্ৰাসবাদী সংগঠনটোৰ লক্ষ্য আফগানিস্তানৰ ৰাজধানী কাবুল। কান্দাহাৰ, হেৰাট, মাজাৰ–ই–শ্বৰীফ দখলৰ পিছত তালিবান বাহিনীৰ দৃষ্টি নিৱদ্ধ হৈছে কাবুলৰ ওপৰত। বৃহস্পতিবাৰে আফগানিস্তানৰ ঐতিহাসিক চহৰ গজনী দখলৰ পিছত সম্প্ৰতি কাবুলৰ পৰা মাত্ৰ ৯০ মাইল নিলগত অৱস্থান কৰিছে তালিবান বাহিনী। দুই–এদিনৰ ভিতৰতে ৰাজধানী কাবুলৰ নিয়ন্ত্ৰণ তালিবানৰ হাতলৈ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। দেশখনৰ দুই–তৃতীয়াংশ অঞ্চল ইতিমধ্যে দখল কৰিছে তালিবানে। যোৱা কেবাসপ্তাহ ধৰি ৰাজধানী কাবুলৰ চৌদিশে অব্যাহত আছে তালিবান আৰু আফগান বাহিনীৰ তয়াময়া ৰণ। যুদ্ধ বিধ্বস্ত আফগনিস্তানলৈ এতিয়া যেন পুনৰ উভতি আহিছে দুই দশক পূৰ্বৰ তালিবানৰ নৃশংসতা। দেশখনৰ কেবাখনো গুৰুত্বপূৰ্ণ চহৰ আফগান প্ৰশাসনৰ পৰা দখল কৰাৰ পিছত হেজাৰ হেজাৰ অপৰাধীৰে মিতিৰালি আৰম্ভ কৰিছে তালিবানে। এতিয়ালৈকে দেশখনৰ ছখনকৈ প্ৰধান চহৰ তালিবানে দখল কৰিছে আৰু এই চহৰসমূহৰ কাৰাগাৰত থকা এহেজাৰৰো অধিক এপৰাধীক ইতিমধ্যে মুকলি কৰি দিছে তালিবানে। ইপিনে, তালিবানৰ এই আগ্ৰাসনত শংকিত হৈ পৰা আফগান প্ৰশাসনে দেশ আৰু জনসাধাৰণৰ সুৰক্ষাৰ পৰিৱৰ্তে আত্মসুৰক্ষাক লৈহে ব্যস্ত হৈ পৰিছে। দেশখনৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানীয়ে তালিবানক নিচ্ছিন্ন কৰাৰ পৰিৱৰ্তে তালিবান বাহিনীৰে ক্ষমতাৰ ভাগ–বাটোৱাৰা কৰাৰহে প্ৰস্তাব আগবঢ়াইছে। অৱশ্যে এই প্ৰস্তাৱত এতিয়াও মান্তি হোৱা নাই তালিবান বাহিনী। আফগান উপ ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে পলায়ন কৰিছে দেশ এৰি। আন কেবাখনো প্ৰদেশৰ মূৰব্বীসকলো সম্প্ৰতি ব্যস্ত নিজক ৰক্ষা কৰাত। ক্ৰমাৎ অনিয়ন্ত্ৰিত হৈ পৰিছে সমগ্ৰ আফগানিস্তান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...