কাজিৰঙাৰ ৰাজপথত এটা উন্মাদ গঁড়ৰ সন্ত্ৰাস

কাজিৰঙালৈ যোৱাৰ পথত বিচৰণ কৰিছে এটা প্ৰকাণ্ড গঁড়ে। বন কৰ্মী আৰু গঁড়ৰ মাজত খেদা-খেদি। বাৰে বাৰে গঁড়টোক খেদিবলৈ চেষ্টা বনকৰ্মীৰ। কেইবাজাই গুলী ফুটোৱাৰ পিচতো আঁতৰি যোৱা নাই গঁড়টো। ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত ৰূদ্ৰ ৰূপ ধাৰণ কৰা গঁড়টোক খেদি পঠিয়াবলৈ বাৰে বাৰে চেষ্টা কৰিও বিফল হৈছে বনকৰ্মী। শুকুৰবাৰৰ দিনটোত এক প্ৰকাৰ বন্ধ হৈ পৰে যান-বাহনৰ যাতায়ত। ইতিমধ্যে উন্মাদ গঁড়টোৰ আক্ৰমণত আহত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেইবাটাও পোহনীয়া হাতী।

বন বিভাগৰ গাড়ীতো আক্ৰমণ কৰে উন্মাদ গঁড়টোৱে। বৃহস্পতিবাৰে কাৰ্বি-আংলং পাহাৰৰ দিশৰ পৰা ওলাই আহিছিল গঁড়টো। কাজিৰঙাৰ দিশলৈ পাৰ হ’বলৈ ধৰোতেই হালধিবাৰীৰ সমীপতে এখন টাটা ডি আই গাড়ীৰ সৈতে দুৰ্ঘটনাত পতিত হয় গঁড়টো। কিছু সময় অচেতন হৈ পৰি থকাৰ পিচত কাষৰ হাবিত আশ্ৰয় লয় গঁড়টোৱে। ৰাষ্ট্ৰীয় ঘাই পথৰ কাষৰ এখন হাবিত আশ্ৰয় লৈ থকা গঁড়টোক খেদি পঠিয়াবলৈ কেইবাজাই গুলী ফুটাইছে যদিও আঁতৰাই পঠিয়াব পৰা নাই।

ইফালে, কলিয়াবৰৰ সোণাৰী গাঁৱত বাঘৰ আতংক। খাদ্যৰ সন্ধানত শিলঘাট সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘ গাঁওখনত বিচৰণ কৰাত আতংকৰ সৃষ্টি হৈছে গাঁওখনত। গাঁওখনৰ কেইবাঘৰো লোকৰ চোতালত দেখা পোৱা গৈছে বাঘৰ ভৰিৰ খোজ। গঁড় আৰু বাঘৰ সন্ত্ৰাসে আতংকৰ সৃষ্টি কৰিছে। বন্যজন্তুৰ বাসস্থান সংকোচনৰ ফলতেই খাদ্যৰ সংকটত ভোগা জীৱ-জন্তু সমূহ ওলাই আহিছে এনেদৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...

‘বন্দে মাতৰম’ গোৱাত বাধা দিলে হ’ব শাস্তি: বিধেয়কত ৰাষ্ট্ৰপতিৰ সন্মতি

‘বন্দে মাতৰম’ গোৱাত ইচ্ছাকৃতভাৱে বাধা প্ৰদান কৰা বা গীত...

ধৰ্ষণ আৰু অপৰাধমূলক ভাবুকিৰ গোচৰত গ্ৰেপ্তাৰ IPLৰ ক্ৰিকেটাৰ অভিষেক পোৰেল

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (IPL)-ত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক...