কাজিৰঙাৰ ৰাজপথত এটা উন্মাদ গঁড়ৰ সন্ত্ৰাস

কাজিৰঙালৈ যোৱাৰ পথত বিচৰণ কৰিছে এটা প্ৰকাণ্ড গঁড়ে। বন কৰ্মী আৰু গঁড়ৰ মাজত খেদা-খেদি। বাৰে বাৰে গঁড়টোক খেদিবলৈ চেষ্টা বনকৰ্মীৰ। কেইবাজাই গুলী ফুটোৱাৰ পিচতো আঁতৰি যোৱা নাই গঁড়টো। ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত ৰূদ্ৰ ৰূপ ধাৰণ কৰা গঁড়টোক খেদি পঠিয়াবলৈ বাৰে বাৰে চেষ্টা কৰিও বিফল হৈছে বনকৰ্মী। শুকুৰবাৰৰ দিনটোত এক প্ৰকাৰ বন্ধ হৈ পৰে যান-বাহনৰ যাতায়ত। ইতিমধ্যে উন্মাদ গঁড়টোৰ আক্ৰমণত আহত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেইবাটাও পোহনীয়া হাতী।

বন বিভাগৰ গাড়ীতো আক্ৰমণ কৰে উন্মাদ গঁড়টোৱে। বৃহস্পতিবাৰে কাৰ্বি-আংলং পাহাৰৰ দিশৰ পৰা ওলাই আহিছিল গঁড়টো। কাজিৰঙাৰ দিশলৈ পাৰ হ’বলৈ ধৰোতেই হালধিবাৰীৰ সমীপতে এখন টাটা ডি আই গাড়ীৰ সৈতে দুৰ্ঘটনাত পতিত হয় গঁড়টো। কিছু সময় অচেতন হৈ পৰি থকাৰ পিচত কাষৰ হাবিত আশ্ৰয় লয় গঁড়টোৱে। ৰাষ্ট্ৰীয় ঘাই পথৰ কাষৰ এখন হাবিত আশ্ৰয় লৈ থকা গঁড়টোক খেদি পঠিয়াবলৈ কেইবাজাই গুলী ফুটাইছে যদিও আঁতৰাই পঠিয়াব পৰা নাই।

ইফালে, কলিয়াবৰৰ সোণাৰী গাঁৱত বাঘৰ আতংক। খাদ্যৰ সন্ধানত শিলঘাট সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘ গাঁওখনত বিচৰণ কৰাত আতংকৰ সৃষ্টি হৈছে গাঁওখনত। গাঁওখনৰ কেইবাঘৰো লোকৰ চোতালত দেখা পোৱা গৈছে বাঘৰ ভৰিৰ খোজ। গঁড় আৰু বাঘৰ সন্ত্ৰাসে আতংকৰ সৃষ্টি কৰিছে। বন্যজন্তুৰ বাসস্থান সংকোচনৰ ফলতেই খাদ্যৰ সংকটত ভোগা জীৱ-জন্তু সমূহ ওলাই আহিছে এনেদৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...