তালিবানে নিষিদ্ধ কৰিলে দুটাকৈ মোবাইল এপ

তালিবানৰ আগশাৰীৰ আফগান যুৱকসকল যাতে বিপথে পৰিচালিত নহয় তাৰ বাবে সংগঠনটোৰ ভিতৰত নিষিদ্ধ কৰা হ’ল দুটাকৈ মোবাইল এপ। বৃহস্পতি বাৰৰ পৰা তালিবানে নিষিদ্ধ কৰিলে ভিডিঅ’ শ্বেয়াৰিং এপ TIKTOK আৰু মোবাইল গেম এপ PUBG।

যোৱা বছৰৰ আগষ্ট মাহত ক্ষমতালৈ অহাৰ পাচৰে পৰা চলচ্চিত, টেলিভিচন, সংগীত আদি সকলো নিষিদ্ধ ঘোষণা কৰিছিল তালিবান চৰকাৰে।

বৃহস্পতিবাৰে এক বিবৃতিত আফগান কেবিনেটে দাবী কৰে যে, এই ম’বাইল এপসমূহে যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিছে। সেইবাবে টেলিকম মন্ত্ৰালয়ক সেইবিলাক এপ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।


জানিব পৰা মতে, আফগান দূৰ সঞ্চাৰ মন্ত্ৰ্যালয়ক টেলিভচন চেনেলসমূহত অনৈতিক কাৰ্যসূচী সমূহৰ সম্প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। তাৰ পিচৰ পৰা টভিত বাতৰি আৰু ধৰ্মীয় অনুষ্ঠনৰ বাহিৰে একো দেখুওৱা হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...