অসমত প্ৰচুৰ বৰষুণৰ সম্ভাৱনা এইকেইটা দিনত! চাওঁ আহক


উত্তৰ আৰু পূৱ ভাৰতৰ বাবে:
ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে,২৪-২৬ এপ্ৰিল তাৰিখৰ ভিতৰত অৰুণাচল প্ৰদেশত আৰু ২৪,২৭ আৰু ২৮ এপ্ৰিলত অসম আৰু মেঘালয়ত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ২৪ এপ্ৰিলত অৰুণাচল প্ৰদেশত অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ অহা পাঁচ দিনৰ ভিতৰত অৰুণাচল প্ৰদেশ,অসম,মেঘালয়,নাগালেণ্ড,মণিপুৰ,মিজোৰাম,ত্ৰিপুৰাতো প্ৰচুৰ বৰষুণ হ’ব পাৰে। আইএমডিৰ তথ্য মতে,উপ-হিমালয় পশ্চিম বংগ আৰু ছিকিমত অহা ৫ দিনত ব্যাপক বৰষুণ হ’ব। বতৰ বিভাগে লগতে উল্লেখ কৰে যে অহা ৫ দিনৰ ভিতৰত অসম,মেঘালয়ৰ বিভিন্ন স্থানত আৰু অহা ২ দিনৰ ভিতৰত উপ-হিমালয় পশ্চিম বংগ,ছিকিম,অৰুণাচল প্ৰদেশ,নাগালেণ্ড,মণিপুৰ,মিজোৰাম,ত্ৰিপুৰাত বজ্ৰপাত হোৱাৰ লগতে ধুমুহা বতাহ (প্ৰতি ঘণ্টাত ৩০-৪০ কিলোমিটাৰ বেগত) অহাৰ সম্ভাৱনা আছে। ছত্তীশগড়ত অহা পাঁচ দিনত বজ্ৰপাত আৰু ধুমুহা বতাহৰ (গতি বেগ ৩০-৪০ কিলোমিটাৰ প্ৰতি ঘণ্টা) সৈতে বিক্ষিপ্ত বৰষুণ হ’ব পাৰে।

দক্ষিণ ভাৰতৰ বাবে:
২৪ এপ্ৰিলত দক্ষিণ কেৰালাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইফালে,অহা ৫ দিনত কেৰালা,কৰ্ণাটক,তামিলনাডু,তেলেংগানাত আৰু ২৭ আৰু ২৮ এপ্ৰিলত অন্ধ্ৰ প্ৰদেশত বজ্ৰপাত আৰু ধুমুহা বতাহৰ (গতি বেগ ৩০-৪০ কিলোমিটাৰ প্ৰতি ঘণ্টাত) সৈতে বিক্ষিপ্ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

ৱেষ্টাৰ্ন ডিষ্টাৰ্বেঞ্চৰ বাবে:
ৱেষ্টাৰ্ন ডিষ্টাৰ্বেঞ্চৰ পশ্চিম হিমালয় অঞ্চলত বজ্ৰপাত আৰু বজ্ৰপাতৰ সৈতে বিক্ষিপ্ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ২৫ এপ্ৰিলত পাঞ্জাৱৰ সমভূমি আৰু হাৰিয়ানাধুলিৰ ধুমুহা আৰু বজ্ৰপাতৰ সন্মুখীন হ’ব।এক নতুন দুৰ্বল পশ্চিমীয়া বতাহৰ প্ৰভাৱ ২৮ এপ্ৰিলৰ পৰা ভাৰতীৰ বিভিন্ন অঞ্চলত পৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলতে পশ্চিম হিমালয় অঞ্চলত পাতলীয়াকৈ বিচ্ছিন্ন বৰষুণ হ’ব পাৰে। গ্ৰীষ্ম প্ৰবাহৰ পূৰ্বানুমান আইএমডিয়ে কৈছে যে ২৫-২৮ এপ্ৰিলৰ পৰা মধ্য মহাৰাষ্ট্ৰ,ঝাৰখণ্ড,উৰিষ্যা,গাঙ্গেয় পশ্চিম বংগত ২৪-২৬ এপ্ৰিলৰ ভিতৰত বিহাৰত, আৰু অহা ৫ দিনৰ ভিতৰত গুজৰাট গ্ৰীষ্ম প্ৰবাহৰ কবলত পৰিব। ৰাজস্থান,দক্ষিণ উত্তৰ প্ৰদেশ,মধ্য প্ৰদেশ আৰু বিদৰ্ভতো ২৬-২৮ এপ্ৰিললৈ গ্ৰীষ্ম প্ৰবাহ চলিব। পঞ্জাৱ আৰু দক্ষিণ হাৰিয়ানাত ২৭ আৰু ২৮ এপ্ৰিলত উষ্ণ প্ৰবাহৰ পৰিস্থিতি দেখা যাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...

দুসপ্তাহৰ জাননী দি ৭২ ঘণ্টাৰ ভিতৰত ইৰাণক আক্ৰমণ! ট্ৰাম্পে কেতিয়া আক্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল?

ইৰাণৰ বিৰুদ্ধে আমেৰিকাই প্ৰত্যক্ষভাৱে অস্ত্ৰ ল’ব নে নাই, সেই...

ৰাছিয়াই ইৰাণক কিয় প্ৰত্যক্ষভাৱে সহায় কৰা নাই?

পশ্চিম এছিয়াত উত্তেজনা ক্ৰমাৎ বাঢ়িছে। এই পৰিপ্ৰেক্ষিতত শনিবাৰে গভীৰ...

ইৰাণত প্ৰৱেশ কৰি কেনেকৈ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলাইছিল আমেৰিকাই?

ইৰাণৰ পৰমাণু কেন্দ্ৰত আমেৰিকাৰ গোপন আক্ৰমণ শনিবাৰে গভীৰ নিশা আমেৰিকাই...