প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰথমটো ‘লতা দীননাথ মংগেশকাৰ’ বঁটা প্ৰদান

ভাৰতৰ কোকিলকণ্ঠী গায়িকা প্ৰয়াত লতা মংগেশকাৰৰ স্মৃতিত দেওবাৰে প্ৰথমটো ”লতা দীননাথ মংগেশকাৰ” বঁটা প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এই বঁটা প্ৰদান কৰা হয়। আজি জম্মু-কাশ্মীৰৰ পৰা পোনে পোনে মুম্বাইলৈ গৈ লতাজীৰ সোঁৱৰণত প্ৰদান কৰা এই বঁটাৰ প্ৰথমটো বঁটা মোদীয়ে গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বঁটা গ্ৰহণ কৰি জনায় যে, ”লতা দিদি আমাৰ বাবে প্ৰেম আৰু শান্তিৰ প্ৰতীক হৈ জিলিকি আছে। সেয়ে তেওঁৰ নাম সম্পৃক্ত হৈ থকা এই বঁটা মই গ্ৰহণ নকৰাকৈ থাকিব নোৱাৰোঁ। মই এই বঁটা দেশবাসীৰ নামত উছৰ্গা কৰিছোঁ”। গায়িকা আশা ভোশলে আৰু উষা মংগেশকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই বঁটা প্ৰদান কৰে। চলিত বৰ্ষৰ ৬ ফেব্ৰুৱাৰী তাৰিখে ৯২ বছৰ বয়সত লতা মংগেশকাৰে শেষ নিশ্বাস ত্যাগ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...