আফগানিস্তানত কিয় নিষিদ্ধ IPL?

0 29

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ দ্বিতীয় লেগৰ মেচ দেওবাৰৰ পৰা সংযুক্ত আৰব আমীৰ শ্বাহীত আৰম্ভ হৈছে৷ সমগ্র বিশ্বৰ অনুৰাগীয়ে জনপ্রিয় টি–২০ প্রতিযোগিতাখনৰ মেচৰ আমেজ লৈছে যদিও আফগানিস্তানৰ ক্ৰিকেট অনুৰাগী সকল আই পি এলৰ মেচ উপভোগৰ পৰা বঞ্চিত হৈছে৷

কিয়নো, তালিবানে আফগানিস্তানত নিষিদ্ধ কৰিছে আই পি এল৷ বন্দুকৰ নলীৰে আফগানিস্তানৰ শাসনভাৰ দখল কৰা তালিবানে বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতাখনৰ সম্প্রচাৰ নিষিদ্ধ কৰিছে৷

দেশখনৰ জনপ্রিয় ক্রিকেটাৰ ৰশ্বিদ খান, মহম্মদ নবী আৰু মুজিব–উৰ ৰহমানে প্রতিযোগিতাখনত অংশগ্রহণ কৰিছে যদিও তালিবানে আই পি এলৰ বিষয়বস্তু ইছলামবিৰোধী বুলি মন্তব্য কৰিছে৷ সেয়েহে আফগানিস্তানত প্রতিযোগিতাখনৰ সম্প্রচাৰ বন্ধ কৰা হৈছে৷ মেচৰ সময়ছোৱাত আউলি–বাউলি চুলিৰে চীয়েৰ লীডার্ছে কৰা নৃত্য ইছলামিক সংস্কৃতিৰ পৰিপন্থী বুলি মন্তব্য কৰে তালিবানে৷

Leave A Reply

Your email address will not be published.