বেচবলৰ দেশত ক্ৰিকেটৰ গৰ্জন

বেচবলৰ দেশত ক্ৰিকেটৰ গৰ্জন
আমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ T-20 বিশ্বকাপ
উদ্বোধনী মেচত আমেৰিকাৰ হাতত বিধ্বস্ত কানাডা

লেব্ৰন জেমছ, মাইকেল জৰ্ডান, উইলি মেছ, বেৰী বণ্ডছ। এইসকল খেলুৱৈ যেন যুক্তৰাষ্ট্ৰৰত ভগৱান স্বৰূপ। বেচবল আৰু বাস্কেটবলৰ এইসকল তাৰকা খেলুৱৈৰ আছে বিশ্বজুৰি জনপ্ৰিয়তা। কিন্তু এই দুই খেলৰ মাজত নতুন দিগন্ত বিচাৰি ICCৰ প্ৰচেষ্টাত আমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ হ’ল ২২ গজৰ যুঁজ। গ্লোবেল আইকন বুলি খ্যাত বিৰাট কোহলি, ৰোহিত শৰ্মা, বাবৰ আজম, ডেভিদ ৱাৰ্ণাৰৰ দৰে ক্ৰিকেটাৰক প’ষ্টাৰ বয় হিচাপে লৈ ‘AMERICAN DREAMS’ৰ সপোন বাস্তৱ কৰিবলৈ সাজু হৈছে ICC। প্ৰথম খোজ হিচাপে দেওবাৰে ভাৰতীয় সময় অনুসৰি পুৱা ৬ বজাত টেক্সাছৰ গ্ৰেণ্ড প্ৰেৰী ষ্টেডিয়ামত আমেৰিকা আৰু কানাডাৰ মাজত T-20 বিশ্বকাপৰ উদ্বোধনী মেচ অনুষ্ঠিত হয়। প্ৰথমখন মেচত শোচনীয় পৰাজয়ৰ সন্মুখীন হয় কানাডা। দুই চুবুৰীয়া দেশৰ মাজত চলা বেট বলৰ যুঁজত ৭ উইকেটত জয়লাভ কৰে আমেৰিকা যুক্তৰাষ্ট্ৰই

প্ৰথমে বেট ধৰি কানাডাই অৰ্জন কৰে ২০ অভাৰত ১৯৪ ৰান
কানাডাৰ হৈ নৱনীত ধালিৱাল আৰু নিকোলাছ কিৰ্টনে খেলে অৰ্ধ-শতৰানৰ ইনিংছ
আনহাতে, ১৪ বল বাকী থাকোঁতে মেচখনত জয়লাভ কৰে আমেৰিকাই
আমেৰিকাৰ হৈ এৰন জোনছে খেলে ৪০টা বলত ৯৪ ৰানৰ দৰ্শনীয় ইনিংছ

ইপিনে, আজি সহ আয়োজক দেশ ৱেষ্ট ইণ্ডিজে পাপুৱা নিউ গিনিৰ বিৰুদ্ধে বিশ্বকাপৰ আৰম্ভণি মেচ খেলিব। ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৮ বজাত গায়ানাৰ প্ৰভিন্স ষ্টেডিয়ামত অনুষ্ঠিত মেচখন। আনহাতে, শনিবাৰে T20 বিশ্বকাপৰ ভাৰতৰ একমাত্ৰ প্ৰস্তুতি মেচত বাংলাদেশৰ বিৰুদ্ধে জয়লাভ কৰে টীম ইণ্ডিয়াই।

৬০ ৰানত বাংলাদেশক পৰাস্ত কৰে ভাৰতৰ
বেটিঙত ভাৰতৰ হৈ ঋষভ পন্তে অৰ্জন কৰে অৰ্ধ-শতৰান
হাৰ্ডিক পাণ্ডিয়াই ২৩টা বলত কৰে অপৰাজিত ৪০ ৰান

প্ৰস্তুতি মেচৰ পিছত আয়াৰলেণ্ডৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন মেচ খেলিব ভাৰতে

৫ জুনত নিউয়ৰ্কত অনুষ্ঠিত হ’ব মেচখন
৯ জুনত নিউয়ৰ্কত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ হাই ভল্টেজ মেচ
১২ জুনত সহ আয়োজক দেশ আমেৰিকাৰ বিৰুদ্ধে নিউয়ৰ্কত তৃতীয়খন গ্ৰুপ পৰ্যায়ৰ মেচ খেলিব ভাৰতে
অন্তিমখন মেচত কানাডাৰ বিৰুদ্ধে ১৫ জুনত খেলপথাৰত নামিব টীম ইণ্ডিয়া

মুঠৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰত ক্ৰিকেটক HIT কৰাবলৈ সাজু ICC। ঠিক তেনেদৰে ৫ জুনত ভাৰতৰ প্ৰথমখন বিশ্বকাপৰ মেচৰ বাবে সাজু হৈছে ভাৰতীয় ক্ৰিকেট অনুৰাগী।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...