বিষ, বেদনাহীন মৃত্যু বিচাৰিছে নেকি? চুইজাৰলেণ্ডত তৈয়াৰ কৰা হৈছে বিশেষ যন্ত্ৰ

মৃত্যু… কোনেও শুনিব নোখোজা এক শব্দ। জীৱনটোকলৈ সকলোৰে মোহ থাকে। কেৱল মানুহেই নহয়, প্ৰতিটো জীৱৰে জীৱনৰ প্ৰতি ভাবিব নোৱাৰা দূৰ্বলতা থাকে। কিন্তু, উদ্বেগজনকভাৱে সমগ্ৰ বিশ্বতে বৃদ্ধি পাইছে আগতীয়াকৈ মৃত্যু বিচৰা লোকৰ সংখ্যা। যাৰ বাবে মৃত্যুও বৰ্তমান হৈ পৰিছে ব্যৱসায়ৰ এক সমল।

হয়, ঠিকেই শুনিছে। চুইজাৰলেণ্ডত তৈয়াৰ কৰা হৈছে এনে এটা যন্ত্ৰ। কেৱল নিৰ্মাণেই নহয় আইনী স্বীকৃতিও লাভ কৰিছে ‘চাৰ্কো’ নামৰ সেই বিশেষ যন্ত্ৰটোৱে। ক’ফিন আকৃতিৰ  যন্ত্ৰটোৱে কৃত্ৰিমভাৱে এক মিনিটতকৈও কম সময়ৰ ভিতৰত অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ হ্ৰাস কৰি মৃত্যুমুখত পেলাব পাৰে।

স্বেচ্ছাসেৱী সংগঠন Exit Internationalয়ে তৈয়াৰ কৰি উলিয়াইছে এই যন্ত্রটি। ‘ডক্টৰ ডেথ’ হিচাপে পৰিচিত Exit Internationalৰ সঞ্চালক ফিলিপ নিটছে এই ডিভাইচটো তৈয়াৰ কৰি উলিয়াইছে। এই বিশেষ যন্ত্ৰটোৰ চালনা প্ৰক্ৰিয়াটোৱে আচৰিত কৰি তুলিব আপোনাক। সাধাৰণতে আসন্ন মৃত্যুত সময় কটোৱা লোকসকল মৃত্যুৰ পূৰ্বে অচেতন হৈ পৰে।  বেছিভাগৰে পেশীশক্তি ব্যৱহাৰ কৰাৰো সামৰ্থ নাথাকে। Exit Internationalয়ে দাবী কৰা অনুসৰি যে এই যন্ত্রটোত এই সমস্যাৰ সমাধান কৰা হৈছে। এক্সিট ইণ্টাৰনেচনেলে দাবী কৰে যে, এই ডিভাইচটোৱে কেৱল চকুৰ পতা লৰচৰ কৰিহে সংকেত প্ৰাপ্ত কৰিব পাৰে।

Exit Internationalয়ে জনোৱা অনুসৰি এই যন্ত্ৰটো কঢ়িয়াই ফুৰিবলৈও অতি সহজ। জীৱনৰ প্ৰতি মোহ ভংগ হোৱা লোকসকলে মৃত্যুৰ বাবে এটি বিশেষ স্থান নিৰ্বাচন কৰি যন্ত্ৰটোৰ ভিতৰত সোমাই চকুৰ পটা লৰচৰ কৰি দিলেই মৃত্যু ঘটিব লোকজনৰ। 

বিশেষকৈ, চুইজাৰলেণ্ডত আত্মহত্যাক সমৰ্থন প্ৰদান কৰাটো আইনী। বিগত বৰ্ষত কমেও ১৩০০জন লোকে এই প্ৰক্ৰিয়াটোৰ সহায় লৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘ষ্ট্ৰেইট অৱ হৰমুজ’ত ট্ৰাম্প প্ৰস্তাৱিত ২০% টোলে পেট্ৰ’ল, ডিজেলৰ দাম কিয় বৃদ্ধি কৰিব পাৰে?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অলপতে ঘোষণা কৰা এক...

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...