অসমসহ উঃ-পূৰ্বাঞ্চলত হ’ব প্ৰবল বৃষ্টিপাত!

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত হ’ব বৃষ্টিপাত। পাতলীয়াৰ পৰা মধ্যমীয়া পৰিমাণৰ বৰষুণ হোৱাৰ আগজাননী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ। দক্ষিণ অসম আৰু মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনাৰ কথা সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই এক টুইটযোগে কয়, “দক্ষিণ অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত পাতলৰ পৰা মধ্যমীয়া পৰিমাণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।”

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, ওড়িশা, পশ্চিম বংগ আৰু পূব উপকূলৰ অন্যান্য অংশত ঘূৰ্ণীবতাহ জাৱাদ অধিক দুৰ্বল হৈ নিম্ন চাপৰ এলেকালৈ গতি কৰিব। সেইবাবে অসমত কোনো ঘূৰ্ণীবতাহ বা কোবাল বতাহ আৰু ধুমুহা অহাৰ সম্ভাৱনা নাই। জাৱাদৰ সতৰ্কতামূলক ব্যৱস্থাৰূপে ইতিমধ্যে কেইবাখনো ৰাজ্যই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...