সুস্মিতা OUT নৈঋিতা IN…

সুস্মিতা দেৱে দল এৰি গ’ল। প্ৰায় একে সময়তেই ৰাজীৱ ভৱনত আহি সোমালহি এক তৰুণী। তৃণমূলমুখী সুস্মিতা দেৱৰ পৰা কেমেৰা আৰু প্ৰচাৰ মাধ্যমৰ মুখ খন্তেকৰ বাবে হ’লেও এই সুন্দৰী গ্লেমাৰাছ তৰুণীৰ পিনে ঘূৰি গ’ল। মঙলবাৰে গুৱাহাটীৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সভাপতি ভূপেন বৰাৰ উপস্থিতিত দলত যোগ দিলে নৈঋিতা
জয়শুক্লই! কোন এই নৈঋিতা?

নৈঋিতা জয়শুক্লাৰ ককাক আছিল কৰিমগঞ্জ লোকসভা সমষ্টিৰ তিনিবাৰৰ কংগ্ৰেছী সাংসদ ললিত মোহন শুক্লবৈদ্য। নতুন দিল্লীত শিক্ষা সমাপ্ত কৰা নৈঋিতা দিল্লীৰ ৰামজাছ কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদিকা। বাকপটু আৰু সুন্দৰী নৈঋিতাই আগন্তুক দিনত বৰাকত কংগ্ৰেছৰ নেতৃত্ব ল’ব নেকি তাকে লৈ চৰ্চা চলিছে বৰাক উপত্যকাৰ লগতে অসমৰ ৰাজনীতিত। জাতীয় কংগ্ৰেছ দলৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দলত নৈঋিতাই যোগদান কৰাৰ সময়ত অনুষ্ঠানত উপস্থিত আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ আৰু সাধাৰণ সম্পাদকদ্বয় ববিতা শৰ্মা আৰু অপূৰ্ব কুমাৰ ভট্টাচাৰ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...