নতুনকৈ অহা ৰাজমিস্ত্ৰী জাহাংগীৰৰ প্ৰসংগই বিমোৰত পেলাইছে সুনীল গগৈৰ পৰিয়ালক

প্ৰসংগ আছিল- ঢকুৱাখনাৰ জে জে এমৰ ঠিকাদাৰ সুনীল গগৈক হত্যা কৰিলে কোনে? কিন্তু নতুনকৈ অহা ৰাজমিস্ত্ৰী জাহাংগীৰৰ প্ৰসংগই বিমোৰত পেলাইছে সুনীল গগৈৰ পৰিয়ালক। প্ৰশ্ন উঠিছে যদি সেয়া সুনীলৰ মৃতদেহ, তেন্তে যোৱা ১৬ দিনে জাহাংগীৰ ক’ত? যদি সেয়া জাহাংগীৰৰ মৃতদেহ তেন্তে সুনীল ক’ত? এই ৰহস্যঘন খেলি-মেলিৰ বাবে বাতিল কৰা হৈছে সুনীল গগৈৰ শ্ৰাদ্ধ। পত্নীয়ে ক্ষোভ প্ৰকাশ কৰি কৈছে- ‘মোৰ স্বামী যদি দোষী, তেওঁক মোৰ চকুৰ সমুখতে গুলীয়াই মাৰক’

এটা হত্যাকাণ্ডৰ ১৬ টা দিন উকলিল
সম্পূৰ্ণৰূপে ক্লু-হীন আৰক্ষী, CID
সুনীল গগৈ নহয় এয়া হেনো আছিল জাহাংগীৰৰ মৃতদেহ, সঁচানে?

প্ৰসংগ আছিল- ঢকুৱাখনাৰ জে জে এমৰ ঠিকাদাৰ সুনীল গগৈক হত্যা কৰিলে কোনে? কিন্তু এই বিষয়ক তল পেলাই একাংশ সংবাদ মাধ্যমত প্ৰকাশ পালে যে সেই মৃতদেহ সুনীল গগৈৰ নাছিলেই। মৃতদেহ আছিল জাহাংগীৰ হুছেইন নামৰ এজন ৰাজমিস্ত্ৰীৰ। জাহাংগীৰে সুনীলৰ সৈতে ৰাজমিস্ত্ৰী হিচাপে কাম কৰিছিল। জলজীৱন মিছনৰ কামৰ চোৱা-চিতা কৰাৰ লগতে সুনীলৰ ঘৰৰ কামো কৰিছিল জাহাংগীৰে। সুনীলৰ ঘৰৰ চৌহদতে অস্থায়ীভাবে সজা এই ঘৰটোতেই থাকি কাম কৰিছিল ধুবুৰীৰ জাহাংগীৰে। যোৱা প্ৰায় এবছৰ ধৰি সুনীলৰ লগতে আছিল জাহাংগীৰ।

সন্দেহৰ মূল ভিত্তি হৈছে এডাল বেল্টৰ টুকুৰা
ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছিল সেই বেল্টৰ টুকুৰাটো
টুকুৰাটো আছিল জাহাংগীৰ হুছেইনৰ
ৰহস্যঘন এই নতুন খবৰে বিমোৰত পেলাইছে সুনীলৰ পৰিয়ালক
মৃতদেহৰ পৰিচয়ক লৈ সৃষ্টি হোৱা ৰহস্যৰ বাবে বাতিল সুনীল গগৈৰ শ্ৰাদ্ধ

ঢকুৱাখনা মহকুমা মহিলা সমিতিয়ে আয়োজন কৰা সুনীল গগৈৰ আদ্যশ্ৰদ্ধৰ কাৰ্যসূচী বাতিল কৰিছে এই ৰহস্যৰ বাবেই। এতিয়া আহোঁ কিছু ফ্লেছবেকলৈ। ৩০ মে’ত জাহাংগীৰক লগত লৈ ধেমাজিৰ পিনে গৈছিল সুনীল। কাম চলি থকা ধেমাজিৰ বুটিকুৰ অঞ্চলত নমাই দিছিল জাহাংগীৰক। তাৰ পাছৰে পৰা জাহাংগীৰৰ কোনো শুংসূত্ৰ নাই।

ঘুনুক ঘানাককৈ কথা ওলাইছে যদি সেয়া জাহাংগীৰৰ মৃতদেহ, সুনীলেহে হত্যা কৰিছে নেকি জাহাংগীৰক। সুনীল গগৈয়ে কোটি টকাৰ বীমা কৰি থোৱা বুলিও ধোঁৱা-কোৱা প্ৰসংগ প্ৰকাশ কৰিছে কোনো কোনো সূত্ৰই। সেইসমূহৰ মাজতে যোৱা ১৬ দিনে স্বামীৰ মৃত্যুৰ খবৰে ভাঙি পেলোৱা সুনীল গগৈৰ পত্নীয়ে ক্ষোভ প্ৰকাশ কৰি কৈছে- ‘মোৰ স্বামীয়ে যদি দোষী, তেওঁক মোৰ চকুৰ সমুখতে গুলীয়াই মাৰক’।

ঘটনাক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে। মৃতদেহৰ অৱশিষ্ট ফৰেণছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে হায়দৰাবাদলৈ। তাৰ মানে, এতিয়াও নিশ্চিত নহয়। সেইনিশা উদ্ধাৰ হোৱা মৃতদেহটো সুনীল গগৈৰ হয় নে নহয়। সেয়ে আৰক্ষীৰ বিফলতাৰ বাবেই স্পৰ্শকাতৰ বিষয়টোক গাপ দিয়াৰো চেষ্টা চলোৱাৰ সন্দেহ সুনীলৰ পত্নীৰ।

ইফালে সুনীলৰেই হওক বা জাহাংগীৰৰেই হওক। এতিয়ালৈকে উদ্ধাৰ হোৱা নাই মৃতদেহটোৰ ছিন্ন মুণ্ড। যদি সেয়া সুনীলৰ মৃতদেহ, তেন্তে যোৱা ১৬ দিনে জাহাংগীৰ কত? যদি সেয়া জাহাংগীৰৰ মৃতদেহ তেন্তে সুনীল কত?

এই সকলো ৰহস্যৰ ওৰ পেলাবলৈ, প্ৰথমে লাগিব জাহাংগীৰ আৰু ডি এন এ আৰু মৃতদেহৰ ডি এন ৰ মাজত মিল। লাগিব সমগ্ৰ ঘটনাৰ নিখুঁত ফৰেন্সিক ৰিপৰ্ট। লগতে লাগিব ১৬ দিনে সন্ধানহীন মৃতদেহৰ ছিন্ন মুণ্ডৰ সন্ধান। খৰটকীয়া হ’ব লাগিব আৰক্ষীৰ অনুসন্ধান।

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...