নগাঁৱৰ উত্তৰ হয়বৰগাঁৱত চাঞ্চল্যকৰ ঘটনা

নগাঁৱৰ উত্তৰ হয়বৰগাঁৱত চাঞ্চল্যকৰ ঘটনা। নিশা দুৰ্বৃত্তৰ অতৰ্কিতে আক্ৰমণ ওবাইদুৰ ৰহমান নামৰ লোকজনৰ ভাড়াঘৰত। হাতে হাতে দা-যাঠী লৈ প্ৰৱেশ ভূ-মাফিয়াৰ এটা দল। ভাড়াঘৰত থকা এটা পৰিয়ালক আক্ৰমণ ভূ-মাফিয়াৰ দলৰ। দলটোৱে এফালৰ পৰা লণ্ড-ভণ্ড কৰে ভাড়াতীয়া নগেন শইকীয়াৰ ঘৰ। উদণ্ড লোকে ভাঙি পেলাই চৌহদত থকা CCTV কেমেৰা, মনিটৰ। লুটিলে বহু মূল্যৱান সামগ্ৰীও। সোণৰ অলংকাৰো কাঢ়ি নিয়াৰ অভিযোগ ভুক্তভোগীৰ। ভূ-মাফিয়াৰ আক্ৰমণত আহত হয় অনিমা শইকীয়া আৰু নগেন শইকীয়া। ভুক্তভোগীৰ অভিযোগ খালেদা বেগম নামৰ মহিলা গৰাকীৰ নেতৃত্বত চলে এই আক্ৰমণ।

ঘৰৰ গৰাকী ওবাইদুৰ ৰহমান থাকে ভাড়াঘৰটোৰ কিছু নিলগত। ভূমি সংক্ৰান্তীয় কিছু বিবাদ চলি আছে খালেদা বেগম আৰু ওবাইদুৰ ৰহমানৰ মাজত। তাৰেই পৰিণতি এই আক্ৰমণ। ঘটনাৰ খবৰ পাই ওবাইদুৰ ৰহমান আৰক্ষীক লৈ উপস্থিত হয় ঘটনাস্থলীত। ইপিনে আৰক্ষী উপস্থিত হোৱাৰ লগে লগে একাংশ আক্ৰমণকাৰী পলায়ন কৰিবলৈ সক্ষম হয়। যদিও আৰক্ষীয়ে আটক কৰে অভিযুক্ত খালেদা বেগম আৰু এজন আক্ৰমণকাৰীক।

পলাতক দুৰ্বৃত্তৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত। কিন্তু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...