নদীয়ে খহাই নিছে ভিন্ন প্ৰান্তৰ বিস্তীৰ্ণ অঞ্চল

ৰাজ্যত ভয়ংকৰ হাৰত সংকুচিত হৈছে ভূমি
নদীয়ে খহাই নিছে ভিন্ন প্ৰান্তৰ বিস্তীৰ্ণ অঞ্চল
কালৰূপী নদীৰ সংহাৰত ত্ৰস্তমান নৈপৰীয়া

ৰাজ্যৰ বহু প্ৰান্তত এতিয়া নৈপৰীয়াৰ চকুত টোপনি নাই। নাই ভালে থকাৰ নিশ্চয়তা। যিকোনো মুহূৰ্তত নৈয়ে খহাই নিব পাৰে অনুষ্ঠান, প্ৰতিষ্ঠান, আপোন ঘৰখন। শদিয়া সমষ্টিৰ ছৈখোৱাত মন্ত্ৰী পিয়ুষ হাজৰিকাই পৰিদৰ্শন কৰিছিল গৰাখহনীয়া। চাৰিবাৰকৈ নাৱেৰে পৰিদৰ্শন কৰাছিল ছৈখোৱাৰ খহনীয়াগ্ৰস্ত হাতীঘূলিৰ নাওকাটা, ফেলাই আদি অঞ্চল। কিন্তু কোটি কোটি টকা আবন্টন কৰিও খহনীয়াৰ সমস্যা ৰোধ কৰাত ব্যৰ্থ জলসম্পদ বিভাগ৷ খহনীয়া প্ৰতিৰোধৰ বাবে দিয়া জিঅ বেগ, মেগা বেগ, পাৰ্কুপাইন এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত। ৰাতিটোৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে বিঘাই বিঘাই কৃষিভূমি৷ চৰকাৰ আৰু মন্ত্ৰীৰ আশ্বাসলৈ বাট নাচাই হাতে কামে লাগিল নৈ পৰীয়া ৰাইজ। অন্যথা যিকোনো মুহূৰ্তত ভাগিব পাৰে ছৈখোৱাৰ ব্ৰহ্মপুত্ৰৰ মূল সুৰক্ষা বান্ধ। ৰাইজে নদীক প্ৰাৰ্থনা জনাইছে। গাইছে কাকূতি ঘোষা।

একেদৰে জোনাইৰ ৰাজাখানা নদীৰ ভয়ংকৰ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ১নং ৰাজাখানা অঞ্চললৈ। ঘৰ বাৰী, খেতি-পথাৰ, বাট-পথ, মূল্যবান গছ-গছনি আদি জাহ গৈছে ৰাজাখানা নদীৰ বুকুত৷ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা বৈ অহা খৰস্ৰোতা ৰাজাখানা নদীয়ে বিগত ২০০৫ চনৰ পৰা বৰ্তমানলৈ অব্যাহত আছে এই ভয়ংকৰ খহনীয়া। এই পৰিস্থিতি অব্যাহত থাকিলে অচিৰেই বহু পৰিয়ালে খহনীয়াত ঘৰবাৰী হেৰুৱাই অচিৰেই অঘৰী জীৱন যাপন হোৱাৰ আশংকা কৰিছে। ইফালে চৰকাৰী প্ৰতিনিধিৰ সম্পূৰ্ণ আওকণীয়া মনোভাৱে নৈপৰীয়াক আৰু অধিক চিন্তিত কৰিছে।

ইফালে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ মাকেলী কান্ধাপাৰা গাঁৱত কলহী নৈৰ তীব্ৰ খহনীয়াৰ বাতৰি ইতিমধ্যে NK TV-ত প্ৰচাৰ হোৱাৰ পিছত শনিবাৰে খহনীয়াস্থলীত উপস্থিত হয় পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া৷ বিধায়ক গৰাকীয়ে মাকেলী কান্ধাপাৰাৰ খহনীয়া অতিকৈ বিপদজনক বুলি মন্তব্য কৰাৰ লগতে ৰাইজক কয় যে- যিহেতু বৰ্তমান বাৰিষা কাল। বাৰিষাৰ পিছতে বিষয়টো জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাক অৱগত কৰি তাৎক্ষণিকভাবে খহনীয়া ৰোধৰ ব্যৱস্থা কৰা হব। সাপৰটাৰী পাৰঘাটত যোৱা ৩০ মে’ত গছৰ প্ৰকাণ্ড ডাল পৰি মৃত্যু হোৱা ললিত দাসৰ বাসগৃহতো উপস্থিত হয় বিধায়ক হেমাংগ ঠাকুৰীয়া। পৰিয়ালটোক সহায়ৰ আশ্বাস বিধায়কৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...