“মই মোৰ সন্তানক কলংকিত হ’বলৈ নিদিওঁ” – ৪০ কোটি টকাৰ ধঁপাতৰ বিজ্ঞাপন নাকচ কৰিলে সুনীল শ্বেট্টীয়ে

বলীউডৰ ডাঙৰ ডাঙৰ তাৰকাসকলে কোটি কোটি টকাত পান মছলা আৰু ধঁপাতৰ ব্ৰেণ্ডৰ বিজ্ঞাপন দিবলৈ লাজ নকৰিলেও সুনীল শ্বেট্টীয়ে ব্যতিক্ৰমী উদাহৰণ দাঙি ধৰিছে। শেহতীয়াকৈ সুনীল শ্বেট্টীয়ে প্ৰকাশ কৰিছে যে তেওঁ নিজৰ স্বাস্থ্য আৰু পৰিয়ালৰ ভাবমূৰ্তিৰ লগত আপোচ কৰিব নিবিচৰাৰ বাবেই ৪০ কোটি টকাৰ ডাঙৰ এণ্ডাৰছমেণ্ট অফাৰ নাকচ কৰিছিল।

সুনীল শ্বেট্টীয়ে প্ৰকাশ কৰে যে, তেওঁক ধঁপাতৰ ব্ৰেণ্ডৰ প্ৰচাৰৰ বাবে বৃহৎ ধনৰ প্ৰস্তাৱ দিয়া হৈছিল। তেওঁ কয়, “মোক ৪০ কোটি টকাৰ প্ৰস্তাৱ দিয়া হৈছিল, কিন্তু মই নাকচ কৰিছিলোঁ। মই তেওঁলোকক কৈছিলো যে ‘যদি মই এইবোৰ প্ৰচাৰ কৰোঁ তেন্তে সেয়া মোৰ সন্তান আহান, আথিয়া, কে এল ৰাহুলৰ ভাবমূৰ্তিত দাগ পৰিব। তাৰ পিছৰ পৰা কোনেও মোক একো আগবঢ়োৱা নাই।” তেওঁ ফিটনেছক নিজৰ “পূজা” বুলি অভিহিত কৰিছিল।

ব্যতিক্ৰমী ফিটনেছৰ বাবে পৰিচিত ৬৪ বছৰীয়া অভিনেতাগৰাকীয়ে কয় যে, তেওঁৰ শৰীৰটোৱেই তেওঁৰ বাবে সকলো। তেওঁ কয়, “মোৰ শৰীৰ মোৰ পূজাৰ স্থান। ইয়াৰ জৰিয়তেই মই চলচ্চিত্ৰ জগতত স্বীকৃতি কঢ়িয়াই আনিছিলোঁ। যদি মই মোৰ স্বাস্থ্যৰ প্ৰতি সৎ নহয় তেন্তে ই মোৰ নিজৰ প্ৰতি অন্যায় কৰা হ’ব।”

সুনীল শ্বেট্টীৰ মতে আজি তেওঁ ছবিজগতত ইমান সক্ৰিয় নহ’লেও যুৱক-যুৱতীসকলৰ পৰা পোৱা মৰম আৰু সন্মান তেওঁৰ বাবে ধনতকৈ অধিক গুৰুত্বপূৰ্ণ।

মন কৰিবলগীয়া যে, ধঁপাতৰ বিজ্ঞাপন সন্দৰ্ভত বলীউডত প্ৰায়েই বিতৰ্কৰ সৃষ্টি হয়। পান মছলা ব্ৰেণ্ডৰ সৈতে সম্পৰ্ক থকাৰ বাবে অক্ষয় কুমাৰ, অজয় ​​দেৱগন, শ্বাহৰুখ খানৰ দৰে ডাঙৰ তাৰকাসকলে ছ’চিয়েল মিডিয়াত প্ৰচণ্ড ট্ৰলিঙৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত সুনীল শ্বেট্টীৰ এই সিদ্ধান্তক ছ’চিয়েল মিডিয়াত বহুলভাৱে প্ৰশংসা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...