চৰকাৰী চাকৰিত সংৰক্ষণ ব্যৱস্থাৰ বিৰোধিতাৰে ৰাজপথত নামিল ছাত্ৰ সমাজ

ছাত্ৰ বিক্ষোভত উত্তাল বাংলাদেশ। চৰকাৰী চাকৰিত সংৰক্ষণৰ বিৰোধিতাৰে ৰাজপথত নামিল ছাত্ৰ সমাজ। বিক্ষোভ দমনৰ বাবে প্ৰতিবাদকাৰীৰ ওপৰত গুলীবৰ্ষণ, লাঠীচালনা। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত কমেও ৬জন, আহত শতাধিক। বৃহস্পতিবাৰে বাংলাদেশ বন্ধৰ আহ্বান প্ৰতিবাদকাৰীৰ, অব্যাহত হিংসাত্মক ঘটনা। ঘটনাৰ বাবে ন্যায়িক কমিটী গঠনৰ ঘোষণা প্ৰধানমন্ত্ৰী হাছিনাৰ। চৰকাৰীত সংৰক্ষণ ব্যৱস্থাৰ বিৰোধিতাৰে যোৱা কেইবাসপ্তাহ ধৰি বাংলাদেশত অব্যাহত আছে ছাত্ৰ সমাজৰ প্ৰতিবাদ। সংৰক্ষণ ব্যৱস্থা প্ৰত্যাহাৰৰ দাবীৰে প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক সাক্ষাৎ কৰিব বিচাৰে যদিও হাছিনাই বিষয়টোক লৈ আলোচনাত বহিবলৈ অমান্তি হয়। ইয়াৰ পিছতে দেশজুৰি হিংসাত্মক ৰূপ ধাৰণ কৰে ছাত্ৰ সমাজৰ প্ৰতিবাদে। বিদ্ৰোহ দমনৰ বাবে প্ৰতিবাদী ছাত্ৰ–ছাত্ৰীৰ ওপৰত জপিয়াই পৰে নিৰাপত্তাৰক্ষী। সমানে চলে নিৰাপত্তাৰক্ষীৰ গুলী, অব্যাহত থাকে লাঠীচালনা। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় কমেও ৬জন প্ৰতিবাদকাৰী। আহত হয় আন শতাধিক প্ৰতিবাদকাৰী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বহু সংখ্যক প্ৰতিবাদকাৰীক। ৰাজধানী ঢাকাৰ লগতে উত্তপ্ত হৈ পৰে কেইবাখনো চহৰৰ পৰিস্থিতি। বৰিশাল, চিলেট, কুমিল্লা, চট্টগ্ৰাম, ৰাজৰ্ষি, খুলনাতো হিংসাত্মক ঘটনা। জৰুৰী সেৱাৰ বাহিৰে স্তব্ধ হৈ পৰে সমগ্ৰ বাংলাদেশ। উত্তপ্ত পৰিস্থিতি ঢাকা বিশ্ববিদ্যালয়, জাহাংগীৰনগৰ বিশ্ববিদ্যালয়, ৰাজশ্বাহী বিশ্ববিদ্যালয়ত। ৰাজধানী চহৰ ঢাকাৰ লগতে হিংসাত্মক প্ৰতিবাদে গা কৰি উঠে দেশখনৰ কেইবাখনো চহৰত। প্ৰতিবাদবাদী ছাত্ৰসমাজৰ সৰ্বাত্মক অৱৰোধৰ ফলত বৃহস্পতিবাৰে স্তদ্ধ হৈ পৰে সমগ্ৰ বাংলাদেশ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই প্ৰতিবাকাৰী নিহত হোৱা ঘটনাত দুখ প্ৰকাশ কৰাৰ লগতে ঘটনাৰ বাবে ন্যায়িক তদন্ত কমিটী গঠনৰ কথা ঘোষণা কৰিছে। কিন্তু কি সংৰক্ষণ ব্যৱস্থা কাৰ্যকৰী হৈ আছে বাংলাদেশত? বৰ্তমান বাংলাদেশৰ ৫৬ শতাংশ চৰকাৰী চাকৰি বিভিন্ন শ্ৰেণীৰ বাবে সংৰক্ষিত। ৩০ শতাংশ ১৯৭১ৰ মুক্তিযুদ্ধত নিহতৰ পৰিয়ালৰ বাবে সংৰক্ষিত। ১০ শতাংশ সংৰক্ষিত পিছপৰা জিলাৰ প্ৰাৰ্থীৰ বাবে?মহিলাৰ বাবে সংৰক্ষিত ১০ শতাংশ চৰকাৰী চাকৰি।আনহাতে ৫ শতাংশ জাতিগত সংখ্যালঘুৰ আৰু ১ শতাংশ দিব্যাংগৰ বাবে সংৰক্ষিত। ইপিনে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিলৈ লক্ষ্য ৰাখি সেই দেশত থকা ভাৰতীয় নাগৰিকসকলক ঘৰতে সোমাই থকাৰ নিৰ্দেশ দিছে ভাৰতীয় উচ্চায়োগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...