আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ষ্টুৱাৰ্ট বিন্নীৰ

এদিনীয়া ক্ৰিকেটত সৰ্বশ্ৰেষ্ঠ Bowling Figureৰ অভিলেখ আছিল বিন্নীৰ

ভাৰতৰ হৈ আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিদ্বন্দিতা কৰা কৰ্ণাটকৰ অল-ৰাউণ্ডাৰ ষ্টুৱাৰ্ট বিন্নীয়ে সোমবাৰে প্ৰথম শ্ৰেণী আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। ৩৭ বছৰীয়া বিন্নীয়ে তেওঁৰ গৃহৰাজ্য কৰ্ণাটকৰ ষ্টেট টীমত কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ছয়খন টেষ্ট, ১৪খন এদিনীয়া আৰু তিনিখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। অৱসৰ ঘোষণা কৰাৰ পিছত বিন্নীয়ে কয় “মই প্ৰথম শ্ৰেণী আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছো। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মোৰ দেশক প্ৰতিনিধিত্ব কৰাটোৱে মোক যথেষ্ট আনন্দ আৰু গৌৰৱ প্ৰদান কৰিছে।”

বিন্নীয়ে কৰ্ণাটকৰ হৈ ৯৫খন প্ৰথম শ্ৰেণীৰ মেচ খেলিছিল

উল্লেখযোগ্য যে, ২০১৪ চনত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা এখন এদিনীয়া মেচত মাত্ৰ চাৰি ৰাণত ছয়টা উইকেট দখল কৰি অভিলেখ গঢ়িছিল খেলুৱৈ গৰাকীয়ে। যিটো অভিলেখ আজিলৈকে এদিনীয়া ক্ৰিকেটত সৰ্বশ্ৰেষ্ঠ বলিং প্ৰদৰ্শন হিচাপে বিবেচিত। অৱশ্যে, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এখন টি-২০ত এটা অভাৰত ৩১ ৰাণৰ দিয়াৰ পিছত তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ সমাপ্তি ঘটে, য’ত ৱেষ্ট ইণ্ডিজৰ এভিন লুইছে তেওঁৰ বলত পাঁচটা SIX মাৰিছিল আৰু তাৰ পিছত পুনৰ ভাৰতীয় দলত অন্তৰ্ভুক্ত হোৱাৰ সুযোগৰ পৰা বঞ্চিত হয় বিন্নী। আনফালে বিস্ফোৰক বেটিং অলৰাউণ্ডাৰ হিচাপে হাৰ্দিক পাণ্ডিয়াৰ উত্থানৰ লগে লগে বিন্নীৰ টিম ইণ্ডিয়াত প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা হ্ৰাস পাবলৈ ধৰে যাৰ ফলত ভাৰতীয় দলত স্থান লাভৰ সুযোগৰ পৰা বঞ্চিত হয় ষ্টুৱাৰ্ট বিন্নী।

সোমবাৰে প্ৰথম শ্ৰেণী আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে ভাৰতৰ হৈ আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত চমক সৃষ্টি কৰা এসময়ৰ অল-ৰাউণ্ডাৰ ষ্টুৱাৰ্ট বিন্নীয়ে। গৃহৰাজ্য কৰ্ণাটকৰ ষ্টেট টীমত কেৰিয়াৰ আৰম্ভ কৰা বিন্নীয়ে তেওঁৰ কেৰিয়াৰত ৬খন টেষ্ট, ১৪খন এদিনীয়া আৰু তিনিখন টি-২০ মেচ খেলাৰ সুযোগ লাভ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পুনৰ গুৱাহাটী যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ। নৱম শ্ৰেণীৰ...

বেদখলকাৰীৰ ৰেহাই নাই… ভাঙি পেলোৱা হ’ল প্ৰায় ৫৫টা অবৈধ ঘৰ

দয়া নাই ক্ষমা নাই নীতিৰে ৰাজ্যত পুনৰ আৰম্ভ প্ৰশাসনৰ...