সচাঁ হ’ল বাইডেনৰ সতৰ্কবাণী! পুনৰ আক্ৰমণৰ লক্ষ্য কাবুল

আই এছ আই এছ-খোৰাচানে কেইবাটাও ভয়ংকৰ বিস্ফোৰণ সংঘটিত কৰাৰ তিনিদিন পিছত কাবুলৰ হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰত আজি আন এটা বিস্ফোৰণ সংঘটিত হয়। কাবুলৰ আৰক্ষী প্ৰধান ৰছিদে জনোৱা অনুসৰি, দেওবাৰে আবেলি কাবুলৰ ১১সংখ্যক নিৰাপত্তা জিলাৰ বিমানবন্দৰৰ নিকটৱৰ্তী খাজেহ বাঘৰাৰ গুলাই অঞ্চলৰ এটা আৱাসিক ঘৰত ৰকেটে খুন্দা মাৰে।

প্ৰাথমিক প্ৰতিবেদন অনুসৰি, দুজন লোক নিহত হয় আৰু আন তিনিজন আহত হয়। এটা ভিডিঅ’ত, কাবুল বিমানবন্দৰৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত থকা এটা অট্টালিকাৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছিল। অৱশ্যে, এতিয়ালৈকে কোনো গোটে আক্ৰমণৰ দ্বায়িত্ব স্বীকাৰ কৰা নাই।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক আক্ৰমণ

আমেৰিকা যুক্তৰাষ্ট্ৰই দেওবাৰে কাবুলত সামৰিক আক্ৰমণ চলাইছিল, ৰয়টাৰৰ এক প্ৰতিবেদনত দুজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াৰ উদ্ধৃতি দিয়া হৈছিল। বিষয়াসকলে নাম প্ৰকাশ নকৰাৰ চৰ্তত কয় যে ড্ৰোন আক্ৰমণত সন্দেহযুক্ত আইএছআইএছ-কে উগ্ৰপন্থীক লক্ষ্য কৰি লোৱা হৈছিল। উল্লেখ্য যে, কাবুল বিমানকোঠত আত্মঘাতী আক্ৰমণৰ পিছতে এই ঘটনাত জড়িতসকলক বিশ্বৰ যিকোনো ঠাইৰ পৰা বিচাৰি উলিয়াই হত্যা কৰা হ’ব বুলি মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে সকীয়াই দিয়াৰ পিছতে পুনৰ সন্ত্ৰাসবাদী আত্মঘাতী আক্ৰমণৰ শংকা ঘণীভূত হৈছিল। ৩৬ ঘন্টাৰ ভিতৰতে কাবুল বিমানকোঠত আক্ৰমণ সংঘটিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ লক্ষ্য জ্যাকী ভাগনানীৰ

বলীউডৰ অভিনেতা, প্ৰযোজক তথা সংগীত উদ্যোগী জ্যাকী ভাগনানীৰ অসমৰ...

বেলুচিস্তানৰ ইতিহাস আৰু সমসাময়িক পৰিস্থিতি

বেলুচিস্তান পাকিস্তানৰ এখন প্ৰদেশ। দেশৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত বেলুচিস্তান...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব গ্ৰহণ NIAৰ

জম্মু আৰু কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয়...

৫ হাজাৰ পাকিস্তানী নাগৰিকৰ তালিকা আৰক্ষীৰ হাতত তুলি দিছে IBয়ে

ইন্টেলিজেন্স ব্যুৰো (আই বি)য়ে দিল্লীত বসবাস কৰা প্ৰায় ৫,০০০...