আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ষ্টুৱাৰ্ট বিন্নীৰ

এদিনীয়া ক্ৰিকেটত সৰ্বশ্ৰেষ্ঠ Bowling Figureৰ অভিলেখ আছিল বিন্নীৰ

ভাৰতৰ হৈ আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিদ্বন্দিতা কৰা কৰ্ণাটকৰ অল-ৰাউণ্ডাৰ ষ্টুৱাৰ্ট বিন্নীয়ে সোমবাৰে প্ৰথম শ্ৰেণী আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। ৩৭ বছৰীয়া বিন্নীয়ে তেওঁৰ গৃহৰাজ্য কৰ্ণাটকৰ ষ্টেট টীমত কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ছয়খন টেষ্ট, ১৪খন এদিনীয়া আৰু তিনিখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। অৱসৰ ঘোষণা কৰাৰ পিছত বিন্নীয়ে কয় “মই প্ৰথম শ্ৰেণী আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছো। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মোৰ দেশক প্ৰতিনিধিত্ব কৰাটোৱে মোক যথেষ্ট আনন্দ আৰু গৌৰৱ প্ৰদান কৰিছে।”

বিন্নীয়ে কৰ্ণাটকৰ হৈ ৯৫খন প্ৰথম শ্ৰেণীৰ মেচ খেলিছিল

উল্লেখযোগ্য যে, ২০১৪ চনত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা এখন এদিনীয়া মেচত মাত্ৰ চাৰি ৰাণত ছয়টা উইকেট দখল কৰি অভিলেখ গঢ়িছিল খেলুৱৈ গৰাকীয়ে। যিটো অভিলেখ আজিলৈকে এদিনীয়া ক্ৰিকেটত সৰ্বশ্ৰেষ্ঠ বলিং প্ৰদৰ্শন হিচাপে বিবেচিত। অৱশ্যে, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এখন টি-২০ত এটা অভাৰত ৩১ ৰাণৰ দিয়াৰ পিছত তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ সমাপ্তি ঘটে, য’ত ৱেষ্ট ইণ্ডিজৰ এভিন লুইছে তেওঁৰ বলত পাঁচটা SIX মাৰিছিল আৰু তাৰ পিছত পুনৰ ভাৰতীয় দলত অন্তৰ্ভুক্ত হোৱাৰ সুযোগৰ পৰা বঞ্চিত হয় বিন্নী। আনফালে বিস্ফোৰক বেটিং অলৰাউণ্ডাৰ হিচাপে হাৰ্দিক পাণ্ডিয়াৰ উত্থানৰ লগে লগে বিন্নীৰ টিম ইণ্ডিয়াত প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা হ্ৰাস পাবলৈ ধৰে যাৰ ফলত ভাৰতীয় দলত স্থান লাভৰ সুযোগৰ পৰা বঞ্চিত হয় ষ্টুৱাৰ্ট বিন্নী।

সোমবাৰে প্ৰথম শ্ৰেণী আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে ভাৰতৰ হৈ আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত চমক সৃষ্টি কৰা এসময়ৰ অল-ৰাউণ্ডাৰ ষ্টুৱাৰ্ট বিন্নীয়ে। গৃহৰাজ্য কৰ্ণাটকৰ ষ্টেট টীমত কেৰিয়াৰ আৰম্ভ কৰা বিন্নীয়ে তেওঁৰ কেৰিয়াৰত ৬খন টেষ্ট, ১৪খন এদিনীয়া আৰু তিনিখন টি-২০ মেচ খেলাৰ সুযোগ লাভ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...