বাইক চুৰি চক্ৰক কৰায়ত্ত কৰাত সহায় কৰিলে পথৰ কুকুৰে

চহৰখনৰ ক’ৰবাত ক’ৰবাত মাজে মাজে বাইক চুৰি হৈ আছিল। বিভিন্ন থানাত অভিযোগ জমা হৈ পৰিছিল। কিন্তু বাইক চোৰৰ সেই দলটোক কোনোমতেই ধৰিব পৰা নাছিল। দুবাৰমান ক্লু পাইছিল যদিও আৰক্ষীৰ চকুত ধূলি দি পলাবলৈ সক্ষম হৈছিল চোৰবোৰ। এবছৰ ধৰি আৰক্ষীয়ে চক্ৰটোক ধৰাৰ চেষ্টা কৰি আছিল। অৱশেষত সেই দলটোক কৰায়ত্ত কৰিলে আৰক্ষীয়ে। আৰু এই চোৰৰ দলটোক ধৰাই দিয়াত সহায় কৰিলে পথৰ কুকুৰৰ এটা দলে!

দেওবাৰে কুৰিয়া ঘাট থানা এলেকাৰ পৰা এজন লোকৰ বাইক চুৰি হৈ যায়। লগে লগে তেওঁ থানালৈ যায়। কৰ্তব্যৰত আৰক্ষী বিষয়াই তেওঁক সুধিলে, কি হৈছে। তেওঁ জনালে যে, তেওঁৰ বাইক চুৰি হৈছে। এতিয়াই যদি যোৱা যায়, তেন্তে চোৰবোৰক হাতে-লোটে ধৰিব পৰা যাব। সময় নষ্ট নকৰি কৰ্তব্যৰত আৰক্ষী বিষয়াই তেওঁক লৈ চোৰৰ পিছ ল’লে। ৫ কিলোমিটাৰ যোৱাৰ পিছত চোৰে বাইকখন এৰি পলাই গ’ল। তাৰ পিছত বাইকখন উদ্ধাৰ হ’ল। কিন্তু চোৰে পলায়ন কৰিলে।

কিন্তু আৰক্ষী বিষয়াজনে পিছ নেৰিলে। কিছু দূৰ গৈ তেওঁ চোৰটোক এখন গাড়ীত উঠা দেখিলে। তেতিয়া আৰক্ষী বিষয়াজনে নিজৰ দলক খবৰ দিলে। চোৰৰ দলটো যেতিয়া এটা গলিৰে পলাবলৈ চেষ্টা কৰিলে, তেতিয়া পথৰ কুকুৰৰ এটা দলে সেই গাড়ীৰ পথ অৱৰোধ কৰি ল’লে। চোৰৰ দলে গাড়ী ঘূৰাই আন এটা গলিত সোমাল। কুকুৰৰ দলটোও চোৰৰ গেংটোৰ পিছ ল’লে। আৰক্ষী বিষয়াজনে চোৰৰ গতিবিধিৰ ওপৰত চকু ৰাখিছিল। চোৰৰ দলটো যেতিয়া আন এটা গলিত সোমাল, তেওঁলোকে নাজানিছিল যে, এই গলিটো মূল পথত নোলায়। গলিৰ শেষ প্ৰান্তত উপস্থিত হোৱাত তেওঁলোকে দেখিলে যে, পথটো তাতেই শেষ। তেতিয়ালৈ আৰক্ষীৰ দল তাত উপস্থিত হৈছিলগৈ। চোৰৰ দলটোক হাতে-লোটে ধৰিলে আৰক্ষীয়ে।

ডেপুটি আৰক্ষী কমিশ্যনাৰে জনাইছে, যদি পথৰ কুকুৰৰ দলটোৱে চোৰৰ গেঙটোৰ গাড়ী আবদ্ধ নকৰিলেহেঁতেন, তেন্তে এইবাৰো তেওঁলোক পলাই গ’লহেঁতেন। কিন্তু পথৰ কুকুৰৰ বাবেই বাইক চোৰৰ দলটোক কৰায়ত্ত কৰা সম্ভৱ হ’ল। আৰক্ষীয়ে জনাইছে যে, চোৰৰ চক্ৰটোৰ পৰা ৪০খন বাইক উদ্ধাৰ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...