ভাৰতীয় নাগৰিকক নেপাললৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে কেন্দ্ৰই

ভাৰতীয় নাগৰিকসকলক সদ্যহতে নেপাললৈ নাযাবলৈ নিৰ্দেশ দিছে ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে। যিসকল নাগৰিক নেপালত আছে, তেওঁলোকক ঘৰৰ বাহিৰলৈ ওলাবলৈও পৰামৰ্শ দিয়া হৈছে। এক নিৰ্দেশিকা জাৰি কৰি ভাৰতীয় বিদেশ মন্ত্ৰণালয়ে এই কথা জনাইছে। তেওঁলোকে এইটোও জনাইছে যে, প্ৰয়োজন হ’লে নেপালত থকা ভাৰতীয়সকলে কাঠমাণ্ডুত অৱস্থিত ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিব পাৰে। জৰুৰী পৰিস্থিতিত নেপালত থকা ভাৰতীয়সকলৰ বাবে যোগাযোগৰ হেল্পলাইন নম্বৰো প্ৰকাশ কৰিছে বিদেশ মন্ত্ৰণালয়ে।

যুৱ সমাজৰ প্ৰতিবাদৰ ফলত নেপালত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এই উত্তেজনাময় পৰিস্থিতিত এতিয়ালৈকে ১৯জন লোকে প্ৰাণ হেৰুৱাইছে। এই পৰিস্থিতিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে বিদেশ মন্ত্ৰণালয়ে। মঙলবাৰে এক বিবৃতিৰ জৰিয়তে তেওঁলোকে জনাইছে, “সোমবাৰৰ পৰা নেপালত যি ঘটি আছে, তাৰ ওপৰত আমি নজৰ ৰাখিছো। বহু তৰুণৰ প্ৰাণ গৈছে বুলি আমি দুখিত। নিহতসকলৰ পৰিয়াললৈ সমবেদনা জনাইছো। যিসকল আহত হৈছে, তেওঁলোকৰ সোনকালে সুস্থতাৰ কামনা কৰোঁ।” ইয়াৰ লগতে, বিদেশ মন্ত্ৰণালয়ে নেপালৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথাও স্মৰণ কৰাইছে। তেওঁলোকে কৈছে, “নেপালৰ ঘনিষ্ঠ বন্ধু আৰু প্ৰতিবেশী হিচাপে আমি আশা কৰোঁ যে উদ্বিগ্ন পক্ষসমূহ সংযত হ’ব আৰু শান্তিপূৰ্ণভাৱে বিষয়টো সমাধানৰ বাবে কথা-বতৰা কৰিব।”

বিদেশ মন্ত্ৰণালয়ে জনাইছে যে, নেপালৰ ৰাজধানী কাঠমাণ্ডুকে ধৰি বিভিন্ন ঠাইত কাৰ্ফিউ জাৰি কৰা হৈছে। পৰিস্থিতিৰ কথা মনত ৰাখি নেপালত থকা ভাৰতীয়সকলক সাৱধানে থাকিবলৈ কোৱা হৈছে। নেপালৰ প্ৰশাসনৰ নিৰ্দেশিকা মানি চলিবলৈও তেওঁলোকক নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে, কাঠমাণ্ডুৰ ত্ৰিভুৱন দাস আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমান চলাচল স্থগিত কৰা হৈছে। ফলত বহু ভাৰতীয় নেপালত আবদ্ধ হৈ পৰিছে। নেপাললৈ সাধাৰণতে ভাৰতৰ পৰা বহু লোক ভ্ৰমণৰ বাবে যায়। সেয়ে নেপালত আবদ্ধ হৈ থকা ভাৰতীয়সকলৰ মাজত পৰ্যটকো আছে বুলি খবৰ পোৱা গৈছে। নেপালত আবদ্ধ হৈ থকা ভাৰতীয়সকলৰ জৰুৰী যোগাযোগৰ বাবে দিল্লীৰ দূতাবাসে দুটা নম্বৰ প্ৰকাশ কৰিছে— +৯৭৭-৯৮০৮৬০২৮৮১ আৰু +৯৭৭-৯৮১০৩২৬১৩৪। বিদেশ মন্ত্ৰণালয়ে আপাতত ভাৰতীয়সকলক নেপাললৈ নাযাবলৈও নিৰ্দেশ দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আন্তঃৰাষ্ট্ৰীয় তাৰকা নহয়, জন আব্ৰাহামৰ পছন্দ অসমৰ খেলুৱৈ!

বলিউড অভিনেতা তথা নৰ্থইষ্ট ইউনাইটেডৰ মালিক জন আব্ৰাহামে নিজৰ...

বিশ্ব সুন্দৰী প্ৰতিযোগিতা ২০২৬; বিশ্বৰ মঞ্চত জিলিকিল ডমিনিকান ৰিপাব্লিকৰ জোহেইৰী ম’লা ডমিংগুৱেজ

ভিয়েটনামৰ ন্যা ট্ৰাং চহৰত অনুষ্ঠিত ৭৩সংখ্যক মিছ ৱৰ্ল্ড ২০২৬ৰ...

শিক্ষক দিৱসৰ ভাষণ দি থাকোতেই শোকাৱহ ঘটনা…

ভাষণ দি আছিল শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়াই ঘটিল এক অনাকাংক্ষিত ঘটনা।...

নেপালত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিকসহ দুজন

নেপালত কেইবাদিনো ধৰি বোকা আৰু ধ্বংসাৱশেষৰ মাজত চলি থকা...