হোৱাটছএপ ব্যৱহাৰকাৰীসকললৈ নতুনকৈ সতৰ্কবাণী জাৰি কৰিছে ভাৰত চৰকাৰৰ চাইবাৰ সুৰক্ষা সংস্থা Indian Computer Emergency Response Team (CERT-In)-এ। হোৱাটছএপৰ বিভিন্ন সংস্কৰণত ধৰা পৰা একাধিক সুৰক্ষা ত্ৰুটিৰ সুযোগ লৈ চাইবাৰ অপৰাধীয়ে ব্যৱহাৰকাৰীৰ ডিভাইচত থকা ব্যক্তিগত তথ্য লাভ কৰা, ফাইল মচি পেলোৱা অথবা ডিভাইচৰ সুৰক্ষা ব্যৱস্থাক অতিক্ৰম কৰাৰ চেষ্টা কৰিব পাৰে বুলি সতৰ্ক কৰা হৈছে।
CERT-In-এ ২৬ নৱেম্বৰত জাৰি কৰা সতৰ্কবাণীত এই সুৰক্ষা ত্ৰুটিসমূহক উচ্চ বিপদজনক (High Severity) হিচাপে চিহ্নিত কৰিছে। এই সমস্যাসমূহ Android, iOS, Windows আৰু Mac-ত ব্যৱহৃত হোৱাটছএপৰ বিভিন্ন সংস্কৰণৰ সৈতে জড়িত।
কেনেদৰে বিপদৰ সৃষ্টি হ’ব পাৰে?
চাইবাৰ সুৰক্ষা সংস্থাৰ মতে, বিশেষভাৱে তৈয়াৰ কৰা মেছেজ, লিংক, ফাইল বা সংলগ্ন সামগ্ৰীৰ জৰিয়তে এই সুৰক্ষা ত্ৰুটিসমূহৰ অপব্যৱহাৰ কৰাৰ চেষ্টা কৰিব পাৰে। এনে আক্ৰমণৰ ফলত ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য ফাদিল হোৱা, হোৱাটছএপত সংৰক্ষিত ফাইল ক্ষতিগ্ৰস্ত বা মচি যোৱা, IP ঠিকনা প্ৰকাশ পোৱা অথবা ডিভাইচৰ সুৰক্ষা ব্যৱস্থাত প্ৰৱেশৰ চেষ্টা হ’ব পাৰে।
Android, iPhone আৰু কম্পিউটাৰ ব্যৱহাৰকাৰীও সতৰ্ক হওক
এই সুৰক্ষা ত্ৰুটিসমূহ কেৱল মোবাইল ফোনতে সীমাবদ্ধ নহয়। Android আৰু iPhone-ৰ লগতে WhatsApp Business, Mac Desktop আৰু Windows-ত ব্যৱহৃত হোৱাটছএপৰ ক্ষেত্ৰতো বিভিন্ন সমস্যা চিনাক্ত কৰা হৈছে। সেয়েহে ব্যক্তিগত ব্যৱহাৰকাৰীৰ লগতে প্ৰতিষ্ঠান আৰু ব্যৱসায়িক হোৱাটছএপ ব্যৱহাৰকাৰীসকলকো সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।
কি কৰিব লাগে ব্যৱহাৰকাৰীয়ে?
চাইবাৰ সুৰক্ষা বিশেষজ্ঞ আৰু CERT-In-এ ব্যৱহাৰকাৰীসকলক কেইটামান গুৰুত্বপূৰ্ণ পৰামৰ্শ দিছে—
- হোৱাটছএপৰ শেহতীয়া সংস্কৰণলৈ আপডেট কৰক।
- Google Play Store, Apple App Store অথবা Microsoft Storeৰ পৰা নিৰাপদভাৱে আপডেট ইনষ্টল কৰক।
- অচিনাকি নম্বৰৰ পৰা অহা সন্দেহজনক লিংক বা ফাইল খোলাৰ পৰা বিৰত থাকক।
- অস্বাভাৱিক মেছেজ, অফাৰ অথবা ভুৱা বিজ্ঞাপনৰ প্ৰতি সতৰ্ক থাকক।
- হোৱাটছএপৰ সৈতে সংযুক্ত অচিনাকি ডিভাইচ থাকিলে লগে লগে লগ আউট কৰক।
- ৰাজহুৱা বা আনৰ কম্পিউটাৰত WhatsApp Web ব্যৱহাৰ কৰিলে ব্যৱহাৰ শেষ হোৱাৰ পিছত লগ আউট কৰিবলৈ নাপাহৰিব।
- ব্যক্তিগত, বেংকিং বা অতি সংবেদনশীল তথ্য ৰাজহুৱা কম্পিউটাৰত হোৱাটছএপৰ জৰিয়তে আদান-প্ৰদান নকৰিব।
WhatsApp Web ব্যৱহাৰতো বিশেষ সতৰ্কতা
ইয়াৰ পূৰ্বেও ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ (I4C)-এ WhatsApp Web ব্যৱহাৰৰ ক্ষেত্ৰত সতৰ্কবাণী জাৰি কৰিছিল। কোনো কম্পিউটাৰত WhatsApp Web লগ-ইন কৰি থৈ দিলে কেৱল ব্ৰাউজাৰৰ টেব বন্ধ কৰিলেই লগ-আউট নহয়। সক্ৰিয় ছেছন ব্যৱহাৰ কৰি আন কোনো ব্যক্তিয়ে একাউণ্টত প্ৰৱেশ কৰাৰ সুযোগ পোৱাৰ আশংকা থাকিব পাৰে। সেয়েহে ব্যৱহাৰ শেষ হোৱাৰ পিছত নিজেই লগ-আউট কৰাটো অত্যন্ত জৰুৰী।
চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষজ্ঞসকলৰ পৰামৰ্শ—সন্দেহজনক লিংক বা ফাইলত ক্লিক নকৰিব, হোৱাটছএপ সদায় আপডেট কৰি ৰাখিব আৰু ব্যক্তিগত তথ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱহেলা নকৰিব।
