মঙলবাৰে নিশা কাছাৰত ধুমুহাৰ তাণ্ডৱ। জিলাখনৰ বিভিন্ন স্থানত বিস্তৰ ক্ষতিসাধন কৰিলে ধুমুহাই।

লক্ষীপুৰ, সোনাই, উধাৰবন্ধ, ধলাইসহ বিভিন্ন স্থানত ক্ষতিসাধন। বহুজনৰ ঘৰৰ টিনপাত নিলে উৰুৱাই।

পথৰ মাজত উভালি পৰিল ডাঙৰ-ডাঙৰ গছ৷ ছিঙিলে বিদ্যুতৰ তাঁৰ। নিশাৰে বিদ্যুত বিছিন্ন হৈ আছে জিলাখনৰ বিভিন্ন অঞ্চলত।