ৰাজ্যত প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল অৱসৰপ্ৰাপ্ত SSB জোৱানৰ

প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৭৩ বছৰীয়া বৃদ্ধাৰ। তামুলপুৰ জিলাৰ গোৰেশ্বৰত প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল এগৰাকী ৭৩ বছৰীয়া বৃদ্ধাৰ। গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বালাহাটী গাঁৱৰ চুটিয়াপাৰা চুবুৰীৰ কাতিৰাম বড়োৰ ধুমুহাত অকাল মৃত্যুক সাবটি লয়। কাতিৰাম বড়ো SSB অৱসৰপ্ৰাপ্ত জোৱান আছিল।

উল্লেখযোগ্য যে, দুপৰীয়া অহা প্ৰচণ্ড বালি ধুমুহাত ঘৰৰ বাৰাণ্ডাত বহি থাকোঁতে গছ এডাল বাৰাণ্ডাৰ টিনত পৰাৰ ফলত আতংকিত হৈ হৃদক্ৰিয়া স্তব্ধ হৈ পৰে কাতিৰাম বড়োৰ। লগে লগে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে কাতিৰাম বড়োক। কাতিৰাম বড়োৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিৰাট উপহাৰ! মিচেলক নিজে স্বাক্ষৰ কৰা জাৰ্চি প্ৰদান কৰিলে বিৰাট কোহলীয়ে

ভাৰত-নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হৈ যোৱা তিনিখনীয়া এদিনীয়া ছিৰিজত ডেৰিল...

গাজাত শান্তি ঘূৰাই অনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় গোটলৈ পাকিস্তানক আমন্ত্ৰণ ট্ৰাম্পৰ

গাজাত শান্তি ঘূৰাই অনাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে...

গাজাৰ ‘শান্তি ব’ৰ্ড’ৰ মঞ্চলৈ ভাৰতক আমন্ত্ৰণ জনাইছে ড’নাল্ড ট্ৰাম্পে

শুল্ক যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এইবাৰ গাজাত...

চুইজাৰলেণ্ডৰ ডাভোছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

চুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগা...