বিক্ৰী নোহোৱাকৈ থকা পৰম্পৰাগত হস্তশিল্পৰ বস্ত্ৰ ক্ৰয় কৰিব ৰাজ্য চৰকাৰে

ক’ভিড-১৯ অতিমাৰীৰ ফলত ৰাজ্যখনৰ ক্ষতিগ্রস্ত হোৱা শিপিনীসকলক সকাহ প্ৰদানৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে আৰ্টফেড আৰু এ জি এম চি লিমিটেডৰ জৰিয়তে থলুৱা শিপিনীসকলৰ পৰা বিক্ৰী নোহোৱাকৈ থকা পৰম্পৰাগত হস্তনির্মিত বস্ত্ৰ ক্ৰয় কৰিব। এই উদ্দেশ্যৰে ৰাজ্য চৰকাৰে ‘স্ব-নিৰ্ভৰ নাৰী’ নামেৰে এখন আঁচনি ৰূপায়ণ কৰিব। প্রথম পৰ্যায়ত ৰাজ্য চৰকাৰে য়াৰ্ণ (সূতা) পাছবুক আঁচনিৰ অধীনত ‘য়াৰ্ণ পাছবুক’ থকা প্ৰায় ১.২৩ লাখ শিপিনীক সামৰি ল’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত আয়োজিত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ স্ব-নিৰ্ভৰ নাৰী প্ৰকল্পৰ পৰ্যালোচনামূলক এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আঁচনিখনৰ সবিশেষ পর্যালোচনা কৰি মুখ্যমন্ত্রী ড° শৰ্মাই এই আঁচনিখনৰ সুযোগ যাতে কোনো মধ্যভোগীয়ে ল’ব নোৱাৰে তাক সুনিশ্চিত কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। পৰৱৰ্তী বিত্তীয় বৰ্ষত এই আঁচনিখনৰ সঠিক ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে শিপিনীৰ পঞ্জীয়ন প’ৰ্টেল এটা আৰম্ভ কৰিবলৈ বিভাগক নির্দেশ দিয়ে। আঁচনিখনৰ জৰিয়তে যাতে সর্বাধিক শিপিনীক সামৰি ল’ব পৰা যায় তাৰ বাবে প্ৰতিটো উন্নয়ন খণ্ডৰ অধীনত ক্রয় কেন্দ্ৰ মুকলি কৰিবলৈ তেওঁ নির্দেশ দিয়ে।

হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ বিষয়াসকলে মুখ্যমন্ত্ৰীক অৱগত কৰে যে গামোচা, আৰনাই, কাৰ্বি প’হ’, মণিপুৰী খুদেই, ৰাভা পাজাৰ, ডিমাচা ৰিচাৱাচা, মিচিং ডুমাৰ আৰু মাফলাৰ ইত্যাদি প্ৰমুখ্যে ২৯ টা হাতেৰে বোঁৱা বস্ত্ৰ চিনাক্ত কৰা হৈছে। ৰাজ্য চৰকাৰে এছ অ’ পি ডি – অ’ ডি এছৰ অধীনত ২০২১-২২ বিত্তীয় বৰ্ষত ৮০ কোটি টকা ব্যয় কৰাৰ বাবে ব্যৱস্থা ৰাখিছে।

বিষয়াসকলে উৎপাদিত কাপোৰৰ সূতাৰ প্ৰয়োগ, আকাৰ, ওজন আৰু আৰ্হি অনুসৰি সামগ্ৰীৰ মান নিৰূপণ কৰিছে। যিবোৰ সামগ্ৰী ক্ৰয় কৰা হ’ব সেইসমূহ আৰ্টফেড আৰু এ জি এম চিৰ শ্ব’ৰুমৰ জৰিয়তে বিক্ৰী কৰা হ’ব। ইয়াৰ লগতে অনলাইন বজাৰ ব্যৱস্থাৰো সহায় লোৱা হ’ব। সমগ্ৰ ৰাজ্যখনতে ৮৭ টা ক্রয় কেন্দ্ৰ চিনাক্ত কৰা হৈছে বুলিও বিষয়াসকলে অৱগত কৰে। এই বৈঠকত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা আৰু বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...